নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ পদূলিত হেঁপাহৰ ভোগালী

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ পথাৰৰ সোণগুটিৰে উপচি পৰিছে গঞাৰ ভঁৰাল । পুহমহীয়া শীতৰ সেমেকা সুবাসত তালে তালে অসমীয়াৰ পদূলি পালেহি বাপতিসাহোন ভোগালী বিহু । হেঁপাহৰ ভোগালীলৈ মাজত মাথো দুদিন ।

নাগৰিকত্ব সংশোধনী আইন (কা) বলৱৎ হোৱাৰ পাছতে ৰাজপথত নামিছে জীয়ৰী–বোৱাৰীৰ পৰা বৃদ্ধ–বনিতালৈ৷ সমান্তৰালভাৱে ভোগালী বিহুক আদৰিবলৈ ব্যস্ত হৈ পৰিছে ৰাজ্যবাসী৷

গাঁৱৰ ঘৰখনৰ পৰা ভাহি আহিছে ঢেঁকীৰ শব্দ৷ জীয়ৰী–বোৱাৰী ব্যস্ত হৈ পৰিছে আখলত৷ বিহুৰ দিনা গা–পা ধুই মেজিৰ সেক লৈ অহা আত্মীয়–কুটুম্বক অভ্যর্থনা কৰিবলৈ ব্যস্ত হৈ পৰিছে পিঠা–পনা বনোৱাত৷ ঢেঁকীত খুন্দিছে চিৰা, সান্দহ গুড়ি৷ বিধে বিধে তৈয়াৰ কৰিছে পিঠা–পনা৷ তিল–নাৰিকলৰ লাড়ু, পিঠা–পনা প্রস্তুত কৰিবলৈ যা–যোগাৰ কৰিছে প্রতিগৰাকী গৃহিণীয়ে৷

You might also like