নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৩২খন জিলাক ক’ৰোনা হাইৰিস্ক চিহ্নিত কেন্দ্রৰ

ডিব্রুগড়ত উজনি অসমৰ আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বুধবাৰে উজনি অসমৰ ১০ খন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে ডিব্রুগড জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত এখন বৈঠকত মিলিত হৈ জিলাকেইখনৰ সাম্প্রতিক আইন–শৃংখলা পৰিস্থিতিৰ বুজ লয় ৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনত প্রথমশাৰীৰ যোদ্ধা হিচাপে অসম আৰক্ষীয়ে গ্রহণ কৰি অহা ভূমিকাৰ প্রশংসা কৰি মুখ্যমন্ত্রী সোণোৱালে আৰক্ষী বিভাগক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ৩ মে’লৈ বৃদ্ধি কৰা লকডাউনৰ সময়ছোৱাত সর্বসাধাৰণ লোকে অত্যাৱশ্যকীয় সামগ্রী লাভ কৰাৰ ক্ষেত্রত যাতে কোনো জটিলতাৰ সন্মুখীন নহয়, তাৰ বাবে অত্যাৱশ্যকীয় সামগ্রী যোগানৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত গুৰুত্বপূর্ণ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷

শেহতীয়াকৈ গোলাঘাট জিলাৰ দেৰগাঁৱত আৰক্ষীৰ দ্বাৰা শক্তি বিভাগৰ কেইগৰাকীমান কর্মচাৰী দায়িত্ব পালনৰ সময়ত হাৰাশাস্তিৰ সন্মুখীন হোৱা ঘটনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে তেনে ধৰণৰ অবাঞ্ছিত ঘটনা যাতে পুনৰ ঘটিবলৈ নাপায় তাৰ বাবে আৰক্ষী বিভাগক সতর্ক কৰি দিয়ে ৷ এনে ধৰণৰ ঘটনাই আৰক্ষী বিভাগে কৰি অহা ভাল কামসমূহত কালিমা সানে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সোণোৱালে আৰক্ষী বিভাগক স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, কৃষি, পশুপালনকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে সহযোগিতা বর্তাই ৰাখি কাম কৰিবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যখনত লকডাউন যাতে কঠোৰভাৱে ৰূপায়িত হয় আৰু ৰাইজে লকডাউনৰ নীতি–নির্দেশনাসমূহ পূর্ণ ৰূপত মানি চলে, সেয়া নিশ্চিত কৰিবলৈ আৰক্ষী বিভাগক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে লকডাউনৰ এই সময়ছোৱাত খাদ্যসামগ্রী আৰু ঔষধৰ যিকোনো ধৰণৰ যোগানৰ ক্ষেত্রত বিশেষকৈ বয়োজ্যেষ্ঠ নাগৰিক, গর্ভৱতী মহিলা আৰু শিশুসকলৰ প্রয়োজনসমূহৰ বেলিকা অতি তৎপৰতাৰে পদক্ষেপ ল’বলৈ আৰক্ষী বিভাগক নির্দেশ দিয়ে ৷

ইয়াৰ উপৰি মুখ্যমন্ত্রী সোণোৱালে উজনি অসমৰ জিলাকেইখনৰ আৰক্ষী অধীক্ষকসকলক লাইন চর্দাৰ আৰু চাহ বাগিচাৰ লোকসকলৰ সৈতে সহযোগিতাৰে চাহ বাগিচাৰ লাইনসমূহত নিৰীক্ষণৰ বাবেও নির্দেশ দিয়ে৷ দেশৰ বিভিন্ন ৰাজ্যৰ যিসকল শ্রমিক লকডাউনৰ এই সময়ছোৱাত অসমত আবদ্ধ হৈ আছে তেওঁলোকৰ সঠিক যতনৰ বাবে আৰক্ষী বিভাগক প্রয়োজনীয় পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে৷ এই শ্রমিকসকলক নিৰাপদে ৰখাৰ বাবে অসম চৰকাৰে ইতিমধ্যে তেওঁলোকৰ নিজা ৰাজ্য প্রশাসনসমূহক প্রতিশ্রুতি দিছে বুলি উল্লেখ কৰি এই প্রতিশ্রুতি সফলতাৰে ৰূপায়ণৰ দিশত অসম আৰক্ষীক বলিষ্ঠতাৰে কাম কৰিবলৈ মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায় ৷ অত্যাৱশ্যকীয় সামগ্রীৰ যোগান ধৰা বিক্রেতাসকলক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যত যাতে তেনে সামগ্রীৰ কৃত্রিম নাটনি কোনেও সৃষ্টি কৰিব নোৱাৰে তাৰ ওপৰত চোকা নজৰ ৰাখিবলৈ নির্দেশ দিয়ে ৷

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সমাজৰ দৰিদ্র শ্রেণীলৈ আগবঢ়োৱা চাউল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রীৰ যোগানত কোনো যতি নপৰে আৰু এই লোকসকল কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই দিশত গুৰুত্ব দিবলৈ আৰক্ষী বিভাগক মুখ্যমন্ত্রী সোণোৱালে যথোচিত পদক্ষেপ ল’বলৈ কয়৷ ছ’চিয়েল মিডিয়াযোগে সমাজত হিংসা, ঘৃণা আৰু অশান্তি বিয়পোৱা বার্তা যাতে কোনেও বিয়পাব নোৱাৰে আৰু এই জটিল সন্ধিক্ষণত সমাজত শান্তি আৰু সম্প্রীতি বাহাল থাকে তাৰ বাবে ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ তাৎক্ষণিক সতর্কবাণী দিবলৈ আৰক্ষী বিভাগক মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে৷ তদুপৰি, স্বাস্থ্য বিভাগৰ তৃণমূল পর্যায়ৰ কর্মী হিচাপে দায়িত্ব সম্পাদন কৰা আশা কর্মীসকলে ৰাইজলৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্রত যাতে কোনো ধৰণৰ অসুবিধা বা হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ বাবে প্রতিখন থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলক নিজ থানা এলেকাৰ আশা কর্মীসকলৰ তালিকা সংগ্রহ কৰিবলৈও মুখ্যমন্ত্রী সোণোৱালে কয়৷ ইয়াৰ উপৰি অসমৰ মাজেদি চুবুৰীয়া ৰাজ্যসমূহলৈ সৰবৰাহ হোৱা অত্যাৱশ্যকীয় সামগ্রীৰ যাতায়াত কোনো কাৰণতে বিঘ্ণিত নহয় সেয়া নিশ্চিত কৰিবলৈ আৰক্ষী বিভাগক মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে ৷

অসমৰ ৩২খন জিলা ক’ৰোনা ভাইৰাছ সংক্রমণৰ সংক্রান্তত কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে চিহ্নিত কৰা ৭৫০ খন ‘হাইৰিস্ক’ জিলাৰ ভিতৰত অর্ন্তভুক্ত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এই জিলাসমূহ প্রধানমন্ত্রী কার্যালয়ৰ নিৰীক্ষণত আছে ৷ এই জিলাসমূহত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ আৰক্ষী বিভাগক প্রস্তুত থাকিবলৈও মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে ৷ আনহাতে, সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ চাহ উদ্যোগ যথেষ্ট লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনীয়তা থকা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সোণোৱালে ক্ষুদ্র চাহ খেতিয়কসকলে ব্যৱসায় সংক্রান্তীয় কাম–কাজৰ ক্ষেত্রত বাধা নোহোৱাকৈ যাতে চলাচল কৰিব পাৰে তাৰ বাবে আৰক্ষী বিভাগক প্রয়োজনীয় অনুমতি প্রদান কৰিবলৈও নির্দেশ দিয়ে ৷ আনহাতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ডিব্রুগড জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত ইষ্টার্ন চেম্বার্ছ অৱ কমার্চ, আসাম চেম্বার্ছ অৱ কমার্চ, ডিব্রুগড ড্রেডার্ছ এছ’চিয়েচনকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ পাইকাৰী ব্যৱসায়ীসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ বৈঠকত ডিব্রুগড আৰু তিনিচুকীয়া জিলাত মজুত থকা অত্যাৱশ্যকীয় সামগ্রীৰ পৰিমাণ আৰু মূল্য নিয়ন্ত্রণ সন্দর্ভত সবিশেষ আলোচনা কৰা হয়৷ বৈঠকত মুখ্যমন্ত্রীয়ে এই জটিল সময়ছোৱাত লকডাউনৰ নির্দেশাৱলী পালন কৰি চলা জনসাধাৰণে বিশেষকৈ দৰিদ্র শ্রেণীৰ লোকসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্রতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য নিয়ন্ত্রণত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ মুখ্যমন্ত্রীয়ে ব্যৱসায়ীসকলক নিজৰ লাভালাভৰ কথা চিন্তা নকৰি মানৱ সেৱাৰ বাবে সংকল্পবদ্ধ হ’বলৈ আহ্বান জনায়৷ এই বৈঠকতে লকডাউনৰ সময়ছোৱাত ঘৰত থকা ৰাইজক নিজগৃহতে অত্যাৱশ্যকীয় সামগ্রী যোগানৰ এক ব্যৱস্থা গঢ়ি তোলাৰ সন্দর্ভতো আলোচনা কৰা হয়৷ ইপিনে, ক’ভিড–১৯ৰ সংক্রমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ আৰু অধিক শক্তিশালী কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বাগ্সা জিলা প্রশাসনক জিলাখনত থকা ভাৰত–ভূটান সীমান্তৰে কৰা চলাচল বন্ধ কৰাৰ বাবে ফলপ্রসূ ব্যৱস্থা লোৱাৰ বাবে নির্দেশ দিয়ে৷ যোৱা ১৩ এপ্রিলত বাগ্সা জিলা প্রশাসনে গ্রহণ কৰা পদক্ষেপসমূহৰ পর্যালোচনা কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই নির্দেশ দিয়ে ৷

You might also like