নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম অস্থিৰ কৰাৰ ষড়যন্ত্রত লিপ্ত হুজী বি

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ ‘কা’ৰ গইনা লৈ জামাত–উল–মুজাহিদীন্ বাংলাদেশ চমুকৈ (জেএমবি) অথবা ইয়াৰ দুই ভাতৃ সংগঠন নি’ জে এম বি আৰু জে এম আই (জামাত–উল–মুজাহিদীন্ ইণ্ডিয়া) বাংলাদেশী জেহাদী গোষ্ঠী দুটাৰ সমান্তৰালকৈ আন এটা মৌলবাদী শক্তিয়েও অসম তথা উত্তৰ–পূর্বাঞ্চলকে ধৰি সমগ্র দেশতে এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ প্রয়াস অব্যাহত ৰখাৰ সন্দেহ কৰা হৈছে৷

নাম প্রকাশত অনিচ্ছুুক এক সূত্রই সদৰী কৰিছে এই চাঞ্চল্যকৰ তথ্য৷ সূত্রটোৱে সদৰী কৰা অনুসৰি হৰকত–উল–জিহাদ অল–ইছলামী বাংলাদেশ (চমুকৈ হুজি বি) নামৰ সেই জেহাদী গোষ্ঠীটোৱে ম্যানমাৰ–বাংলাদেশ সীমান্তৰ আটাইতকৈ শক্তিশালী বুলি চর্চিত থকা ‘ৰহিংগীয়া ছলিডাৰিটী অৰগেনাইজেচন’ (চমুকৈ আৰএছ অ’ৰ) সৈতে এক সম্পর্ক গঢ়ি তোলাৰ সন্দেহ কৰা হৈছে৷ উল্লেখ্য যে ১৯৮০ চনৰ প্রথমার্ধত তদানীন্তন বার্মাৰ সামৰিক চৰকাৰে দেশখনৰ আৰাকান প্রদেশৰ প্রায় আঢ়ৈ লাখ ৰহিংগ্যাক বাংলাদেশ সীমান্তলৈ খেদি পঠিয়াইছিল৷ গৃহহাৰা এই লোকসকলৰ ক্ষোভৰ সুযোগ লৈ সেই ১৯৮০ চনৰ শেষৰ পিনে মহম্মদ ইউনুছ নামৰ ব্যক্তি এজনৰ নেতৃত্বত জন্ম লভিছিল ‘ৰহিংগ্যা ছলিডাৰিটী অৰগেনাইজেচন’ চমুকৈ আৰ এছ অ’–ৰ৷ উল্লেখ্য যে ১৯৯৮ চনত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ প্রত্যক্ষ সহযোগত বাংলাদেশৰ ঢ়াকাত জন্ম লভা জে এম বিৰ মূল লক্ষ্য হ’ল ২০২০ চনৰ ভিতৰত বাংলাদেশৰ উপৰি পশ্চিমবংগ, অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ এক বৃহৎ অঞ্চল সাঙুৰি এখন বৃহত্তৰ ইছলামিক ৰাষ্ট্র গঠন কৰাৰ৷ জে এম বিৰ অনুৰূপে ১৯৯২ চনতেই বাংলাদেশত জন্ম লভা হুজি বিৰ মূল উদ্দেশ্য আৰু লক্ষ্য প্রায় একেই৷

মূলতঃ ১৯৮০ চনত আফগানিস্তানত ৰাছিয়াৰ বিৰুদ্ধে আফগানী তালিবানৰ সৈতে জেহাদত অংশগ্রহণ কৰা দুর্ধর্ষ বাংলাদেশী তালিবানৰ সদস্যৰে গঠিত এই জেহাদী গোষ্ঠীটোৰ উদ্দেশ্যে হ’ল তালিবানী শাসন প্রৱর্তন কৰা৷ জানিব পৰা অনুসৰি বাংলাদেশৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ হেঁচা আৰু চাৰিগৰাকী শীর্ষ নেতাৰ মৃত্যুৰ পিছৰ পৰা সাংগঠনিক দিশত ক্রমশঃ দুর্বল হৈ পৰিবলৈ লোৱা জে এম বি বর্তমান মূল তিনিটা গোটত বিভক্ত৷ ইয়াৰে জে এম বিৰ প্রথম গোটটোৰ অধিকাংশ শীর্ষনেতা বর্তমানে বাংলাদেশত কাৰাবাস খাটি থকাৰ বিপৰীতে জে এম বিৰ এটা গোট নি’ জে এম বি নামৰ জেহাদী গোষ্ঠীটোৰ নিয়ন্ত্রণত আছে৷

আনহাতে জে এম বিৰ তৃতীয়টো গোট নিয়ন্ত্রণ কৰি আছে হুজি–বিয়ে৷ পূর্বৰে পৰা ‘আল কায়দা’ নামৰ দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনটোৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলা হুজি–বিয়ে শেহতীয়াভাৱে ‘আৰ এছ অ’ৰ সৈতেও সম্পর্ক গঢ়ি তোলাৰ স্পষ্ট তথ্য আছে ভাৰতীয় চোৰাংচোৱা সন্থাৰ একাংশৰ হাতত৷ আশংকা কৰা হৈছে ‘আৰ এছ’ৰ একাংশ সদস্যক বিশেষ প্রশিক্ষণেৰে প্রশিক্ষিত কৰি হুজি–বিয়ে অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ কেইবাখনো ৰাজ্য আৰু পশ্চিমবংগৰ লগতে চুবুৰীয়া নেপালতো এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ পৰিকল্পনা ৰচা বুলিও৷ ইফালে, প্রত্যক্ষৰূপে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ প্রত্যক্ষ সহযোগত পাকিস্তানৰ কৰাচীত জন্ম লভা হৰকত–উল–জিহাদ অল–ইছলামী আৰকান (চমুকৈ হুজি এ) নামৰ আন এটা জেহাদী গোষ্ঠীৰ নেতা মৌলানা আব্দুল কুদ্দুছে পাকিস্তানৰ পৰাই ম্যানমাৰৰ আৰকান ৰহিংগ্যা একাংশ যুৱকৰ সশস্ত্র প্রশিক্ষণৰ দিশটো চোৱা–চিতা কৰি থকাৰো নিশ্চিত তথ্য হাতত আছে ভাৰতৰ একাংশ চোৰাংচোৱা সংস্থাৰ৷

You might also like