অসম আৰোগ্য নিধিলৈ ১০,৫৯৫ গৰাকী লোকে আগবঢ়ালে ২৪.৬৩ কোটি টকা
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছে কলৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্য চৰকাৰে অসমত পাঁচখন নতুনকৈ চিকিৎসালয় নিৰ্মাণৰ আঁচনি যুগুত কৰিছে । এইক্ষেত্ৰত একাংশ হৃদয়বান লোক, অনুষ্ঠান-প্ৰতিষ্ঠান তথা সাংসদ, মন্ত্ৰী, বিধায়কসকলে সহায়ৰ হাত আগবঢ়াই আহিছে ।
মঙলবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে, ৭ এপ্ৰিললৈকে অসম আৰোগ্য নিধিলৈ ১০,৫৯৫ গৰাকী লোকে ২৪.৬৩ কোটি টকা আগবঢ়াইছে ।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়- “সকলো স্তৰৰ ৰাইজৰ অফুৰন্ত সহায়ত অভিভূত হৈ পৰিছো ৷ কোভিড ১৯ ৰ বিৰুদ্ধে যুঁজখনত সহায়ক হোৱাকৈ অসম আৰোগ্য নিধিলৈ বৰ্তমানলৈকে ১০ হাজাৰ ৫৯৫ গৰাকীয়ে বৰঙণি আগবঢ়াইছে ৷ ৰাইজৰ এনে সহযোগৰ ফলত এতিয়ালৈকে ২৪.৬৩ কোটি টকা সংগৃহীত হৈছে ৷ আগন্তুক সময়ত অধিক সংখ্যক লোকে বৰঙণি আগবঢ়াব বুলি আমি আশাবাদী ।”
Every drop counts!
Joyed at overwhelmingly generous support. My gratitude to 10,595 people who have contributed in Assam Arogya Nidhi to win the battle against #Covid_19. We’ve received a sum of Rs 24.63 cr so far. Request all to do their bit. #AssamCares pic.twitter.com/Unx66cU9Vl
— Himanta Biswa Sarma (@himantabiswa) April 7, 2020