নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“অসম চুক্তি ভালদৰে পঢ়ি চাওক অতুল বৰাই”-প্রফুল্ল কুমাৰ মহন্ত

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ ক লৈ ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপৰ মজিয়াত ক্ৰমাৎ বৃদ্ধি পাইছে বিভেদ । দেওবাৰে সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তই এখন সংবাদ মেলযোগে ‘কা’ সন্দর্ভত অগপৰ স্থিতি সন্দর্ভত প্রকাশ কৰা মতামতৰ সোমবাৰে প্রতিক্রিয়া প্রকাশ কৰে দলটোৰ প্রতিষ্ঠাপক সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই ৷

অগপৰ সভাপতি বৰাই মুখ্যমন্ত্রী হৈ থকাৰ সময়ত মহন্তই কেইজন বিদেশীক খেদিলে বুলি কৰা প্রশ্নক উভতি ধৰি প্রাক্তন মুখ্যমন্ত্রীজনে কয়– ‘অসম চুক্তিখন ভালকৈ পঢ়ি লওক অতুল বৰাই ৷

অসম চুক্তি ৰূপায়ণৰ দায়িত্ব কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ বুলি স্পষ্টকৈ উল্লেখ আছে ৷ তদুপৰি তাত এই কথাও স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্রত তিনিটা স্তম্ভ থাকিব ৷ এটা হৈছে কেন্দ্রীয় চৰকাৰ, আনটো ৰাজ্য চৰকাৰ আৰু তৃতীয়তে আছু ৷ অগপৰ দিনত বিদেশী বহিষ্কাৰ হৈছে, কিন্তু সেয়া নগণ্য ৷ বেছি বিদেশী বহিষ্কাৰ কৰিব পৰা নাই, কিয়নো এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ নির্দেশনাৰ প্রয়োজন ৷ কিন্তু কেন্দ্রীয় চৰকাৰসমূহ অসম চুক্তি ৰূপায়ণৰ বাবে পদক্ষেপ গ্রহণ নকৰিলে ৷’

একে সময়তে ‘কা’ৰ পূর্ণ বিৰোধিতা কৰি তেওঁ কয়– অসম চুক্তিক ব্যাঘাত কৰা কোনো কার্য মানি ল’ব নোৱাৰোঁ ৷ কেন্দ্রীয় চৰকাৰৰ শুভবুদ্ধি উদয় হোৱা উচিত৷ বহুকেইখন ৰাজ্যই ‘কা’ বলৱৎ নকৰে বুলি ইতিমধ্যে সদৰী কৰিছে ৷ কিন্তু অসম চৰকাৰে এই আইন কার্যকৰী নকৰিবলৈ সাহস গোটাব পৰা নাই ৷ ‘কা’ই তাহানিৰ বৰসম আৰু আজিৰ অসমক ব্যাপক ক্ষতি কৰিব বুলি উল্লেখ কৰি মহন্তই কয়– ‘এই আইন বলৱৎ কৰাৰ পৰা বিৰত থাকিব লাগে ৷ অগপ নেতাসকলে জাতিধ্বংসী কার্যক সহযোগ কৰিছে ৷ ব্রহ্মপুত্র–বৰাক উপত্যকা বুলি কোনো কথা থাকিব নোৱাৰে ৷

উল্লেখ্য যে দেওবাৰে অগপ নেতৃত্বই প্রাক্তন মুখ্যমন্ত্রী মহন্তক দলৰ মজিয়াত নিজৰ অভিযোগ প্রকাশ কৰাৰ সাহস প্রদর্শন কৰিবলৈ একপ্রকাৰ প্রত্যাহ্বান জনাইছিল ৷ ইয়াৰ প্রত্যুত্তৰত মহন্তই কয়– ‘মই দলৰ প্রতিখন বৈঠকতে ‘কা’ৰ বিৰুদ্ধে মাত মাতি আহিছোঁ ৷ আজিকালি দলৰ বৈঠকলৈ মোক নমতাই হ’ল ৷ যিগৰাকীয়ে মোৰ বিৰুদ্ধে মাত মাতিছে, তেওঁক সভাপতি ময়েই পাতিছিলোঁ ৷ তেওঁলোক স্বার্থপৰ আৰু সুবিধাবাদী ৷’

You might also like