নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত আইপিল জুৱাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ  আই পি এল (IPL) জুৱাৰ বিৰুদ্ধে নিশা যোগীঘোপা আৰক্ষীৰ তীব্ৰ অভিযান। আৰক্ষীৰ অভিযানত যোগীঘোপাৰ শান্তিপুৰৰ পৰা এজন জুৱাৰীক গ্ৰেপ্তাৰ।

আৰক্ষীৰ দলটোৱে জুৱাৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে উক্ত স্থানৰ পৰা ১ টা মবাইল ফোনসহ আই পি এল জুৱাৰ লগত জড়িত বহু নথিপত্ৰ জব্দ কৰে ।

ধৃত জুৱাৰীজন কৰেয়া প্ৰথম খণ্ড গাঁৱৰ জিন্নাত আলীৰ পুত্ৰ সাহানুৰ আলী(২৬) ৷

অভিযোগ মতে, অঞ্চলটোত সাহানুৰে দীৰ্ঘদিনৰ পৰা আই পি এল খেলৰ নামত জুৱা চলাই আহিছিল ।

যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাহুল দেউৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত চলাই এই অভিযান ।

যোগীঘোপা আৰক্ষী থানাত ৩৭৫/২১ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

You might also like