নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই নদীৰ পাৰত দৈজিং উৎসৱৰ প্ৰস্তুতি; এইবাৰৰ বিশেষ আকৰ্ষণ কি ?

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ চিৰাঙৰ আই নদীৰ পাৰত চলিছে দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি ৷

বাৰ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই উৎসৱখনি ডিচেম্বৰৰ ২৭ ৰ পৰা ৭ জানুৱাৰীলৈ চিৰাঙৰ আই নদীৰ পাৰত অসম পৰ্যটন বিভাগৰ সহযোগত আৰু বিটিচিৰ পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব।

যাৰ বাবে এতিয়া চিৰাঙত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ লগতে এই উৎসৱৰ বাবে দিনে নিশাই ব্যাপক প্ৰস্তুতি চলাইছে চিৰাং জিলা প্ৰশাসন আৰু বি টি চিৰ পৰ্যটন বিভাগে ।

ইপিনে এইবাৰ দৈজিং উৎসৱৰ বিশেষ আকৰ্ষণ হ’ব হেলিকপ্তাৰ ৰাইডিং, হাতী চাফাৰী, জীপ চাফাৰী, চাইক্লিং, ব’টিং, শ্বুটিংৰ ব্যৱস্থাৰ লগতে থাকিব হট এয়াৰ বেলুন ৰাইড, পেৰাগ্লাইডিং আদি ৷

উল্লেখ্য যে এই দৈজিং উৎসৱত স্থানীয় পৰ্যটনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কলা-কৃষ্টি আৰু জনগোষ্ঠীয় কলা সংস্কৃতি আদি ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে ৷ ইয়াৰোপৰি ৰাজ্যৰ লগতে বাহিৰৰ পৰা অহা শিল্পীৰ সংগীতানুষ্ঠানৰো আয়োজন কৰা হৈছে ৷

You might also like