নিয়মীয়া বাৰ্তা,১১ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ বাবে নিমাতীঘাটৰ পৰা সত্ৰনগৰী মাজুলীলৈ অহাত বাধা প্ৰদান কৰা হয় এজন নাইজেৰিয়ান পৰ্যটকক । ঘটনাৰ বিৱৰণী অনুসৰি, নাইজেৰিয়াৰ ডিৱেষ্ট জ’ন নামৰ পর্যটকজনৰ তিনি বছৰৰ পূর্বে গুৱাহাটীত প্রেমৰ সম্পর্ক হৈছিল তিতাবৰৰ যুৱতী সবিতা বৰাৰ সৈতে ৷ দিল্লীৰ এটা আন্তর্জাতিক কোম্পানীত কর্মৰত জ’ন আহি তিতাবৰ ৰজাবাহাৰ বৰফুকনখাট গাঁৱৰ সবিতাৰ ঘৰ পাইছিলহি ৷ খ্রীষ্টান ধর্মৰ জ’নে হিন্দু ধর্মও গ্রহণ কৰিছিল ৷ ব্রাহ্মণৰ দ্বাৰা মন্ত্রোচ্চাৰণ কৰি বৈদিক পৰম্পৰাৰে দীক্ষিত হৈছিল জ’ন ৷ গাঁৱৰ ৰাইজে জ’নক মাজুলী সত্রত শৰণ ল’বলৈ উপদেশ দিছিল ৷ সেই অনুসৰিয়ে জ’নসহ কেইবাজনো লোকে সোমবাৰে মাজুলীলৈ বুলি আহি নিমাতীঘাটত পুৱা উপস্থিত হৈছিলহি ৷ কিন্তু ফাকুৱা বন্ধৰ দোহাই দি ক’ৰোনা ভাইৰাছ পৰীক্ষা কৰা স্ক্রীনিং মেচিন নাই বুলি যোৰহাটলৈ পঠিয়াই দিয়ে জ’নসহ লোকসকলক ৷ উপায়হীন হৈ দুখ মনেৰে তিতাবৰলৈ ঘূৰি গ’ল জ’নসহ যাত্রীসকল ৷