নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৰ্ষণৰ কেন্দ্ৰবিন্দু অসমৰ জাৰ্মানী গাঁও

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ জাৰ্মানী গাঁও । ভুল নুবুজিব জাৰ্মানীৰ নহয় খোদ অসমৰে এইখন জাৰ্মানী গাঁৱত এতিয়া ভিৰ কৰিছে দেশী-বিদেশী অগণন পৰ্যটকে । লখিমপুৰ জিলাৰ জাৰ্মানী গাঁৱৰ ৮০ -১০০ বছৰ পুৰণি কেতবোৰ সামগ্ৰীয়ে এতিয়া হাত-বাউলি মাতিছে এইসকল পৰ্যটকক ।

জাৰ্মানী গাঁৱৰ গোপাল শইকীয়াৰ ঘৰত সংৰক্ষিত হৈ থকা ৮০-১০০ বছৰ পুৰণি বাঁহ-বেতৰ সামগ্ৰীসমূহে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে । ইতিমধ্যে এই সংসাৰত নথকা গোলাপ শইকীয়াই ১০০ বছৰ পূৰ্বে অসমীয়া সমাজৰ চহকী কুটীৰ শিল্পক দিছিল এক অনন্য মাত্ৰা । বেতেৰে এইগৰাকী স্বৰ্গীয় গোলাপ শইকীয়াই তৈয়াৰ কৰি গৈছিল বেতৰ কোট, হাফপেণ্ট, টুপী, বাকচ, অলংকাৰ, গদাৰ লগতে তৈয়াৰ কৰিছিল বহু সামগ্ৰী ।

গোলাপ শইকীয়াই তৈয়াৰ কৰা এইসমূহ সামগ্ৰী ইতিমধ্যে উপযুক্তভাৱে সংৰক্ষণ কৰিছে তেওঁৰ নাতিয়ে । এইসমূহ সৃষ্টিৰাজিয়ে শতিকা অতিক্ৰম কৰিলেও কিন্তু এতিয়াও সুন্দৰভাৱে ব্যৱহাৰযোগ্য হৈ আছে এইসমূহ সামগ্ৰী । গোলাপ শইকীয়াৰ এই সৃষ্টিৰাজিৰ বিষয়ে অৱগত হৈ ইতিমধ্যে বহুলোকে ভিৰ কৰেহি তেওঁলোকৰ গৃহত । দেশী-বিদেশী পৰ্যটকৰ লগতে স্থানীয় লোকৰ বাবেও এইসমূহ সামগ্ৰী হৈছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ।

শনিবাৰে গোলাপ শইকীয়াৰ গৃহত সাংবাদিক প্ৰৱেশ কৰি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক প্ৰত্যক্ষ কৰে । ছাত্ৰজনে এইসমূহ সামগ্ৰী চোৱাৰ বাবেই দিল্লীৰ পৰা জাৰ্মানী গাঁৱলৈ অহা বুলি উল্লেখ কৰাৰ লগতে এইসমূহ আপুৰুগীয়া শিল্পক চৰকাৰে উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা ল’ব লাগে বুলি কয় । ইফালে , গোলাপ শইকীয়াই তৈয়াৰ কৰি থৈ যোৱা বেতৰ হাফপেণ্ট, কোট আৰু টুপী পিন্ধি অভিভূত হৈ পৰে এইগৰাকী পৰ্যটক ।

You might also like