নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ আছুৰ নেতৃত্বত গঠন হ’ব লগা ৰাজনৈতিক দল সম্পৰ্কত বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ চৰকাৰৰ অন্যতম মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ‘খুব ভাল কথা ,তেওঁলোককো শুভেচ্ছা জনালো । ৰাইজৰ হৈ কাম কৰিবলৈ যেতিয়া ওলাই আহিছে এইটো এক শুভ ইংগিত বুলি মই ভাবোঁ । ছাত্ৰ সন্থাও যে ৰাইজৰ হৈ কাম কৰিবলৈ ৰাজনীতিৰ পথাৰখনলৈ আহিব , ৰাজনীতিৰ জৰিয়তেও যে সৰ্বজনৰ কল্যাণ সাধন কৰিব পাৰিব । আমাৰ বাবে এটা ভাল কথা হ’ব যে ৰাজনীতি কৰা মানুহবোৰৰ ওপৰত গালি-গালাজ কমি যাব । নিজেও যেতিয়া একেটা পুখুৰীতে থাকে ইটো মাছে সিটো মাছক ক’ব নোৱাৰে যে তই এইটো পুখুৰীত কিয় আছ, গতিকে সেইফালৰ পৰা আমাৰ কাৰণে অলপ সকাহ হ’ব বুলি ভাবো ।’ এইদৰেই বুধবাৰে আছুৰ ৰাজনৈতিক দল সম্পৰ্কত উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
‘ৰাইজৰ ওচৰলৈ যাবলৈ হ’লে ৰাস্তা-ঘাট, স্কুল-কলেজৰ কথা ক’বই লাগিব , ৰাইজে এটা বিষয়ৰ বাবেই ভোট নিদিব । গতিকে তেওঁলোক আহিব ভাল কথা আমি একেটা পুখুৰীতে থাকিম । কোনোবা ৰৌ হৈ থাকিব কোনোবা বৰালি হৈ থাকিব । তেওঁলোকো যেতিয়া আমাৰ মাজলৈ আহিব গতিকে একেটা স্থানতে আমি কথা পতাৰ সুযোগ পাম ।’ – মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰেই আছুৰ ৰাজনৈতিক দলক আদৰণি জনায় শুভ চিন্তা বুলি উল্লেখ কৰে ।