নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা পৱিত্র ৰমজান; লকডাউনৰ মাজতে আৰম্ভ হ’ল ৰোজা

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ আজিৰ পৰা ৰমজানৰ ৰোজা৷ ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতেই পৱিত্র ৰমজানৰ ৰোজাক আদৰিবলৈ সাজু হৈছে বিশ্বৰ ইছলাম ধর্মাৱলম্বী লোক৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে ভাৰতবর্ষকে ধৰি বিশ্বৰ শতাধিক দেশত চলি থকা দীঘলীয়া লকডাউনৰ বাবে সমগ্র বিশ্ব স্তব্ধ হৈ পৰিছে৷

ভাৰতবর্ষতো দীঘলীয়া লকডাউন চলি থকাৰ বাবে দেশৰ নাগৰিক বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে৷ ইয়াৰ মাজতে ৰমজানৰ ৰোজাক আদৰিবলৈ ইছলাম ধর্মাৱলম্বী লোকসকল সাজু হৈছে৷ ছৌদি আৰবত এদিন পূর্বে আকাশত জোন দৃশ্যমান হোৱা বাবে কালিৰে পৰা আৰবত ৰমজানৰ ৰোজা আৰম্ভ হৈছে৷ অৱশ্যে ভাৰত তথা অসমৰ আকাশত  জোন দৃশ্যমান হোৱা বাবে ইছলাম ধর্মাৱলম্বী লোকসকলে আজিৰ পৰা ৰোজা পালন কৰিব৷

কেন্দ্রীয় হিলাল কমিটীৰ সভাপতি মৌলানা ফখৰউদ্দিন আহমদ কাছিমীয়ে (গুৱাহাটী সদৰ কাজী) জনোৱা মতে,  আজি প্রথমটো ৰোজা পালন কৰা হ’ব৷ যিহেতু ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে দেশত চৰকাৰ প্রশাসনে লকডাউন জাৰি কৰিছে, সেয়ে ৰমজানত যাতে কোনো লোকে লকডাউন উলংঘা নকৰে, তাৰ বাবে হিলাল কমিটীৰ সভাপতিগৰাকীয়ে ইছলাম ধর্মাৱলম্বী লোকসকলক আহ্বান জনাইছে৷ বিশেষকৈ তাৰাবিহকে ধৰি অন্যন্য ৱাজিয়া নামাজ যাতে মছজিদত সমৱেত হৈ অর্থাৎ জামাতত নপঢ়ে, তাৰ বাবে সকলোকে আহ্বান জনাইছে তেওঁ৷ তদুপৰি ইফতাৰ পার্টী বা ৰোজা মনাৰ নামত যাতে কোনো লোক সমৱেত হৈ লকডাউন উলংঘা নকৰে, তাৰ বাবেও সতর্ক হ’বলৈ তেওঁ আহ্বান জনাইছে৷ পৱিত্র ৰমজানৰ ৰোজা ৰাখি বিশ্ব শান্তিৰ বাবে সকলোকে ঘৰতে থাকি আল্লাহৰ ওচৰত দোৱা কৰিবলৈ কয় তেওঁ৷

ইপিনে ৰমজান মাহত যাতে অসমত খাদ্য–সামগ্রী আৰু ফলমূলৰ নাটনি নহয়, তাৰ বাবে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰিবলৈ বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ কেন্দ্রীয় হিলাল কমিটীৰ সভাপতিয়ে আহ্বান জনাইছে৷ ৰমজান মাহত মছজিদত এজন ইমাম আৰু আন তিনিজন লোকে নামাজ আদায় কৰিব যদিও সামাজিক দূৰত্ব বজাই ৰাখিব বুলি তেওঁ কয়৷ আনহাতে, গুৱাহাটীৰ আঠগাঁও কবৰস্থান সমিতিৰ উপদেষ্টা নেকিব ইমান শইকীয়াই সমগ্র ৰাজ্যবাসীক ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰি সামাজিক দূৰত্ব বজাই ৰাখি লকডাউনৰ মাজত ৰোজা পালনৰ আহ্বান জনায়৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি নিজ গৃহতে নামাজ আদায় কৰাৰ বাবে তেওঁ ইছলাম ধর্মাৱলম্বী লোকসকলক অনুৰোধ কৰিছে৷ ইফালে সদৌ অসম গৰিয়া–মৰিয়া যুৱ–ছাত্র পৰিষদৰ সভাপতি আশ্রফ আলী আৰু সাধাৰণ সম্পাদক মইনুল হকে ইছলাম ধর্মীয় লোকক চৰকাৰে বান্ধি দিয়া সকলো নীতি–নিয়ম মানি চলি এই পৱিত্র ৰমজান মাহৰ সকলো ধর্মীয় ইবাদাত ঘৰতে থাকি পালন কৰিবলৈ পৰিষদে বিনম্র অনুৰোধ জনায়৷ পৰিষদে সমূহ ইছলাম ধর্মীয় লোকলৈ পৱিত্র ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই ৰমজান মাহটোৱে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু ভাতৃত্ববোধ কঢ়িয়াই অনাৰ বুলি কামনা কৰে৷

You might also like