নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা সান্ধ্য আইন সম্পূর্ণৰূপে প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ মঙলবাৰৰ পৰা সমগ্র ৰাজ্যত সান্ধ্য আইন সম্পূর্ণৰূপে প্রত্যাহাৰ কৰা হ’ব ৷ দিনৰ ভাগৰ লগতে নিশাৰ ভাগতো আজিৰে পৰা সান্ধ্য আইন প্রযোজ্য নহয় ৷ আনহাতে, কাইলৈৰ পৰাই ব্রডবেণ্ড ইণ্টাৰনেট সেৱাও পুনৰ আৰম্ভ কৰা হ’ব ৷ সোমবাৰে নিশা টুইটাৰযোগে এই কথা জনাই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ।


ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত আইন–শৃংখলা পর্যালোচনা বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷

ইপিনে, ইণ্টাৰনেট সেৱা বাতিল কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা নির্দেশনাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অধিবক্তা বনশ্রী গগৈ ৷

তেওঁ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে এখন ৰাজহুৱা স্বার্থজড়িত আবেদন ৷ এই আবেদনৰ জৰিয়তে প্রি–পেইড ম’বাইল সেৱাৰ ৰিচার্ছ ব্যাহত হোৱাৰ লগতে আন আন সেৱাত পৰা বিৰূপ প্রভাৱৰ প্রতি লক্ষ্য ৰাখি ম’বাইল ইণ্টাৰনেট সেৱা বাতিলৰ নির্দেশনা প্রত্যাহাৰ কৰিবলৈ নির্দেশ দিয়াৰ প্রার্থনাৰে তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷

You might also like