আজি গুজৰাটত নির্বাচনী প্রচাৰলৈ যাব মুখ্যমন্ত্রী ড০ শর্মা
নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: আজি গুজৰাটত নির্বাচনী প্রচাৰ চলাবলৈ যাব অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ আসন্ন গুজৰাট বিধানসভা নির্বাচনৰ প্রচাৰৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই তিনিখন নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই এই কথা জানিবলৈ দি কয় যে অহা ২ ডিচেম্বৰলৈ তেওঁ আৰু তিনি–চাৰিবাৰ গুজৰাটত নির্বাচনী প্রচাৰ চলাবলৈ যাব৷