নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ নৱেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুকলি কৰিব অৰুণাচল প্রদেশৰ হোলোংগী বিমানবন্দৰ

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১৯ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব অৰুণাচল প্রদেশৰ ৰাজধানী চহৰ ইটানগৰৰ পৰা প্রায় ১৯ কিলোমিটাৰ নিলগৰ পাপুমপাৰে জিলাৰ হোলোংগীত ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণে নতুনকৈ নির্মাণ কৰা ‘ডোনয়ি পোলো’ বিমানবন্দৰটো৷ এইটোৱে হ’ব অৰুণাচল প্রদেশৰ প্রথমটো ‘গ্রীন ফিল্ড এয়াৰ পোর্ট’৷ বিমানবন্দৰৰ পৰা বিমান সেৱা আৰম্ভ হোৱাৰ পাছত অৰুণাচল প্রদেশত বিমান যাতায়াতৰ ক্ষেত্রখনত এক পৰিৱর্তন হোৱাটো নিশ্চিত৷

উল্লেখ্য যে উত্তৰ–পূবৰ ৰাজ্যসমূহৰ ৰাজধানী চহৰসমূহৰ সৈতে পোনপটীয়াকৈ বিমান চলাচল কৰাৰ বাবে গ্রহণ কৰা আঁচনিৰ অংশ হিচাপে অৰুণাচল প্রদেশৰ ৰাজধানী ইটানগৰৰ সমীপৰ কোনো সুবিধাজনক স্থানত এটা পৰিৱেশ অনুকূল বিমানবন্দৰ নির্মাণৰ পৰিকল্পনা হাতত লোৱা হৈছিল৷ সেই অনুসৰি ২০১৮ চনত ইটানগৰৰ পৰা প্রায় ১৯ কিলোমিটাৰ নিলগৰ পাপুমপাৰে জিলাৰ হোলোংগী গাঁৱত বিমানবন্দৰ নির্মাণ কৰাৰ বাবে চূডান্ত সিদ্ধান্ত গ্রহণ কৰা হয়৷ পৰৱর্তী সময়ত ২০১৯ চনৰ ৯ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে হোলোংগীত ‘গ্রীন ফিল্ড এয়াৰ পোর্ট’টোৰ আধাৰশিলা স্থাপন কৰে৷

ইতিমধ্যে অক্টোবৰ মাহত বিমানবন্দৰটোত বিমান সেৱা কোম্পানী ‘ইণ্ডিগ’য়ে ১৮০খন আসনযুক্ত ‘এ ৩২০’ শ্রেণীৰ বিমানৰ সফলতাৰে অৱতৰণ কার্য সম্পূর্ণ কৰিছে৷ ৬৪০ কোটিৰো অধিক টকা ব্যয়েৰে ৬৯৪ একৰ মাটিত নির্মাণ কৰা বিমানবন্দৰটোৰ ৰানৱে’ৰ দৈর্ঘ্য হৈছে ২,৩০০ মিটাৰ৷ তেনেদৰে যাত্রীৰ সুবিধাৰ বাবে উন্নতমানৰ টার্মিনেল বিল্ডিং, পার্কিং, বিমান নিয়ন্ত্রণ কক্ষ আদি নির্মাণ কৰা হৈছে৷ বিমানবন্দৰটোৰ পৰা বিমান সেৱা আৰম্ভ হ’লে অৰুণাচল প্রদেশৰ ৰাজধানী চহৰ ইটানগৰৰ সৈতে দেশৰ আন প্রান্তৰ পোনপটীয়াকৈ বিমান সংযোগ আৰম্ভ হোৱাৰ লগতে বায়ু যাতায়াতৰ ক্ষেত্রত এক নতুন দিগন্তৰ সূচনা আৰম্ভ হ’ব৷ সমান্তৰালভাৱে উপকৃত হ’ব বিশ্বনাথ, লখিমপুৰকে ধৰি উত্তৰ অসমৰ কেইবাখনো জিলাৰ ৰাইজ৷ কিয়নো অসমৰ সীমান্তৰ গাতে লাগি আছে বিমানবন্দৰটো৷ প্রধানতঃ অৰুণাচল প্রদেশৰ চহকী সংস্কৃতি প্রতিফলিত হোৱাকৈ বিমানবন্দৰটোৰ নামকৰণ কৰা হৈছ৷ ‘ডোনয়ি’ শব্দটোৰ অর্থ হ’ল– ‘সূর্য’৷ ইয়াৰ বিপৰীতে ‘পোলে’ শব্দটোৰ অর্থ হৈছে– ‘চন্দ্র’৷ আনহাতে ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক সন্মুখ যোগানিয়ে জানিবলৈ দিয়া মতে বিমানবন্দৰটোত সকলো বতৰতে যাতে সুকলমে বিমান চলাচল কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আগমন উপলক্ষে বিমানবন্দৰকে ধৰি তাৰ আশে–পাশে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ আনকি ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ৰ কেইবাগৰাকী শীর্ষ বিষয়াই হোলোংগী বিমানবন্দৰত বাহৰ পাতি প্রধানমন্ত্রীয়ে যাতে সুকলমে বিমানবন্দৰটো মুকলি কৰিব পাৰে, তাৰ চূডান্ত ৰূপ দিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ ১৯ নৱেম্বৰৰ পুৱা ৯.৩০ বজাত বিমানবন্দৰটোৰ উপৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্রৰ নামত উৎসর্গা কৰিব ৬০০ মেগাৱাটৰ কামেং জলবিদ্যুৎ ষ্টেচনো৷ পশ্চিম কামেং জিলাৰ পৰা প্রায় ৮০ কিলোমিটাৰ দূৰৈত অৱস্থিত কামেং জলবিদ্যুৎ ষ্টেচনটোত ব্যয় হৈছে ৮,৪৫০ কোটি টকাৰো অধিক ধন৷ এই প্রকল্পটোৱে অৰুণাচল প্রদেশক প্রয়োজনীয় চাহিদাতকৈ অধিক শক্তি উৎপাদনক্ষম ৰাজ্য ৰূপে চিহ্ণিত কৰিব৷

You might also like