নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ডিব্রুগড়ত বিজেপিৰ সংকল্প সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অন্তিমখন সংকল্প সমাৰোহ আজি ডিব্রুগড়ত অনুষ্ঠিত হ’ব ৷ ডিব্রুগড চহৰৰ সমীপৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই সংকল্প সমাৰোহত ডিব্রুগড়, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ পৰা ডেৰ লক্ষাধিক লোক সমৱেত কৰোৱাৰ লক্ষ্য গ্রহণ কৰা হৈছে ৷ সংকল্প সমাৰোহত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীসহ উজনিৰ জিলাকেইখনৰ প্রায়সকল বিজেপিৰ বিধায়ক আৰু সাংসদ, দলীয় কর্মকর্তাৰ লগতে অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাসহ বহু ৰথী–মহাৰথীয়ে ৷ মুখ্যমন্ত্রী সোণোৱালৰ গৃহ চহৰ ডিব্রুগড়ত অনুষ্ঠিত হ’বলগীয়া এই সংকল্প সমাৰোহখন সফল কৰি তুলিবলৈ বিজেপিৰ সকলো নেতা–কর্মী উঠিপৰি লগা পৰিলক্ষিত হৈছে ৷ শনিবাৰে সংকল্প সমাৰোহ অনুষ্ঠিত হ’বলগীয়া স্থানত এখন সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সম্পাদক পুলক গোহাঁয়ে ৰাজ্যত বিজেপিৰ এইখনেই অন্তিমখন সংকল্প সমাৰোহ বুলি অভিহিত কৰি এই সমাৰোহত ডেৰ লক্ষাধিক লোক উপস্থিত থাকিব বুলি মন্তব্য কৰে ৷ এই সংবাদ মেলত ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপর্ণ বৰুৱা, অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ উপাধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্ত, জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে ৷ আনহাতে, এই সংকল্প সমাৰোহত যাতে ‘কা’বিৰোধী শক্তিয়ে বাধা প্রদান কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি সমগ্র ডিব্রুগড় জিলাৰ নিৰাপত্তা ব্যৱস্থা পূর্ণ নজৰত ৰাখিছে ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে৷ আজি শীর্ষ আৰক্ষী বিষয়াজন ডিব্রুগড়ত উপস্থিত হৈ ডিব্রুগড় চহৰ তথা সমগ্র জিলাখনৰ আইন–শৃংখলা পৰিস্থিতি পর্যালোচনা কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে ৷

You might also like