নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিৰাক–কাকপথাৰ–ডুমডুমা-মাকুম বাইপাছেৰে অসমলৈ ক’লা হীৰাৰ ট্রাক

খাৰচাঙত অবাধ গতিত চলি আছে কয়লাৰ অবৈধ খনন

নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰীঃ চুবুৰীয়া অৰুণাচল প্রদেশ চৰকাৰৰ পৃষ্ঠপোষকতাত চুবুৰীয়া ৰাজ্যখনৰ চাংলাং আৰু নামচাই জিলাত মাফিয়া চক্রই ব্যাপক হাৰত প্রস্তুত কৰে কয়লাৰ ভুৱা জি এছ টি আৰু ই–ৱে’ বিল ৷ বিশেষ কাৰিকৰী পদ্ধতিৰে কম্পিউটাৰত ভুৱা জি এছ টি আৰু ই–ৱে’ বিল প্রস্তুত কৰি অৰুণাচল চৰকাৰে চৰকাৰীভাৱে চাংলাং জিলাৰ খাৰচাঙত অবৈধ কয়লা খনন অব্যাহত ৰাখিছে৷ ৰাষ্ট্রীয় সেইজ ন্যায়াধিকৰণক (এন জি টি) অন্ধকাৰত ৰাখি খাৰচাঙত কয়লাৰ অবৈধ খননৰ সমান্তৰালভাৱে ভুৱা জি এছ টি আৰু ই–ৱে’ বিলৰ বৃহৎ ক’লা বজাৰ গঢ়ি তোলা হৈছে ৷ খাৰচাঙৰ পৰা নামচাই জিলা হৈ উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডিৰাক, কাকপথাৰ, ডুমডুমা, মাকুম বাইপাছ পথেৰে অসমত প্রৱেশ কৰা কয়লাভর্তি ট্রাকৰ কনভয়বোৰ অসমৰ মাজেৰে বহিঃৰাজ্যলৈ নিয়াৰ বাবে কুখ্যাত কয়লা মাফিয়া চক্রই ৰাজনৈতিকভাৱে প্রভাৱশালী একাংশকো মেনেজ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে এখন ১২চকীয়া ট্রাকত ২৫ টন কয়লা বোজাই কৰাৰ অনুমতি থকাৰ লগতে জি এছ টি আৰু ৱে’ বিলত কয়লা বোজাই কৰা ট্রাকখনৰ নম্বৰ উল্লেখ থাকিব লাগে৷ তদুপৰি কয়লাভর্তি এখন ট্রাকৰ ওজন দহ টনৰ লগত কয়লাৰ ওজন ২৫ টন যোগ কৰি জি এছ টি আৰু ই–ৱে’ বিলত মুঠ ৩৫ টন ওজন উল্লেখ থাকিব লাগে ৷ কিন্তু খাৰচাঙৰ পৰা কয়লা কঢ়িয়াই অনা একোখন ১২চকীয়া ট্রাকত ৩৫ টন কয়লা আৰু ট্রাকখনৰ ওজন দহ টন উল্লেখ কৰি জি এছ টি আৰু ই–ৱে’ বিল প্রদান কৰিছে অৰুণাচল চৰকাৰে৷ ইয়াৰ সত্যাসত্য প্রমাণ কৰিবলৈ হ’লে কম্পিউটাৰত জি এছ টি ছফ্টৱেৰত ই–ৱে’ বিল আৰু জি এছ টি বিলৰ ১২টা নম্বৰ টাইপ কৰি পৰীক্ষা কৰিলেই জি এছ টি আৰু ই–ৱে’ বিলবোৰৰ বৈধতা আছে নে নাই, তাৰ সকলো তথ্য ওলাই পৰে৷ অভিযোগ অনুসৰি খাৰচাঙত কয়লাৰ অবৈধ খননকার্যত অৰুণাচলৰ একাংশ ছাত্র সংগঠন, উগ্রপন্থী সংগঠন আৰু উজনি অসমৰ একাংশ সংগঠনৰ লগতে শাসক–বিৰোধী দলৰ কেইজনমান বিধায়কো পৰোক্ষভাৱে জড়িত হোৱাৰ অভিযোগ উঠিছে ৷ বিশেষকৈ তিনিচুকীয়া আৰু ডিব্রুগড় জিলাত শাসকীয় দলৰ বিধায়কে গঢ়ি তোলা কয়লা ছিণ্ডিকেটৰ ক’লা ধনৰ লোভ সামৰিব নোৱাৰি এইবাৰ কয়লা ছিণ্ডিকেটৰ অংশীদাৰ হোৱাৰ অভিযোগ উত্থাপন হৈছে বিৰোধী কংগ্রেছৰ একাংশ বিধায়কৰ বিৰুদ্ধে ৷ তিনিচুকীয়া জিলাৰ অসম–ৰুণাচল সীমান্ত ডিৰাক গেটৰ পৰা কাকপথাৰ হৈ ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে ডুমডুমাৰ ৰঙাজানস্থিত বাইপাছ তিনিআলিলৈ আৰু ৰঙাজানৰ পৰা ডুমডুমাৰ বাদলাবেটা চাহ বাগিচা হৈ চামডাং চাহ বাগিচাৰ মাজেৰে মাকুম হৈ তিনিচুকীয়াৰ বাইপাছ পথেৰে পানীতোলা আৰু ডিব্রুগড় গৈ গুৱাহাটী–যোগীঘোপালৈ যাত্রা কৰা খাৰচাঙৰ কয়লা পৰিবাহী ট্রাকবোৰক তিনিচুকীয়া আৰু ডিব্রুগড় জিলা পাৰ কৰি দিয়াৰ দায়িত্ব লোৱাৰ বিনিময়ত উজনি অসমৰ শাসক–বিৰোধী একাংশ বিধায়কে মুখ্য ভূমিকা পালন কৰিছে বুলি সর্বত্র চর্চা চলিছে ৷

আনহাতে অৰুণাচলৰ খাৰচাঙত কয়লা ছিণ্ডিকেট নিয়ন্ত্রণ কৰে চাৰি কাণ্ডাৰী নবীন সিংঘাল, অমৃত তিৱাৰী, সতীশ শর্মা আৰু যোগেশ চৌধুৰীয়ে৷ ইফালে শদিয়া বিজেপি জিলা সমিতিৰ একাংশ নেতাসহ তিনিচুকীয়া জিলাৰ বহুকেইটা দল–সংগঠনৰ নেতা, কাঠ মাফিয়া আৰু ছালফা সদস্যই কয়লা সৰবৰাহত হাত উজান দিয়াই নহয়, হিন্দী চিনেমাৰ কায়দাৰে কয়লাৰ গাড়ীত ধন দাবী কৰাৰো অভিযোগ উত্থাপন হৈছে৷ সম্প্রতি কয়লা মাফিয়া চক্রই ডিগবৈ–মাকুম সংযোগী ৩৮নং ৰাষ্ট্রীয় ঘাইপথটোকো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ এটা বিশেষ সূত্রই দাবী কৰা মতে, চাংলাং জিলাৰ খাৰচাঙৰ পৰা বৰডুমচা হৈ নামচাই জিলাৰ ডিৰাক গেট অতিক্রমি কয়লাভর্তি এখন ট্রাক অসমত প্রৱেশ কৰাৰ বাবদ এদিনত ১.২০ লাখ টকা আদায় দিব লাগে৷ উল্লেখ্য যে নিশা হ’লেই ডিৰাক গেটেৰে খাৰচাঙৰ কয়লাভর্তি ট্রাকৰ কনভয় তিনিচুকীয়া জিলাত প্রৱেশ কৰে৷ দিনৰ ভাগত ডুমডুমাৰ বাদলাবেটা চাহ বাগিচা, চামডাং চাহ বাগিচাৰ মাজেৰে অহা কয়লাভর্তি ট্রাকসমূহ বাইপাছ পথত ৰখাই থোৱাৰ পাছত সন্ধিয়া ৬ বজাৰ পৰা শাৰী পাতি কয়লাভর্তি ট্রাকবোৰ ডিব্রুগড় হৈ গুৱাহাটী আৰু যোগীঘোপালৈ যাত্রা কৰে ৷

You might also like