আজি পবিত্ৰ বৰদিন । বিশ্বজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি উলহ-মালহেৰে পালন কৰিব বৰদিন । ২৫ ডিচেম্বৰ অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মদিৱস উপলক্ষে পালন কৰা হয় এই উৎসৱ । অৱশ্যে এই জন্মদিনৰ প্ৰকৃত জন্মদিন হয়নে নহয় তাক জনা নহয় । আদিযুগীয় খ্ৰীষ্টান সকলৰ বিশ্বাস অনুসৰি আজিৰ তাৰিখৰ ঠিক ন মাহ পূৰ্বে মেৰীৰ গৰ্ভত প্ৰৱেশ ঘটিছিল যীশুৰ । এই বিশ্বাস অনুসৰিয়েই এইদৰে ২৫ ডিচেম্বৰৰ দিনটো খ্ৰীষ্টমাছ হিচাপে পালন কৰা অহা হৈছে ।
বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে এতিয়া অসমতো দেখা গৈছে খ্ৰীষ্টমাছৰ ব্যাপক উৎসাহ-উদ্দীপনা । বিশেষকৈ মহানগৰীৰ ভিন্ন প্ৰান্তত এতিয়া সজাই-পৰাই তোলা হৈছে প্ৰতিটো গীৰ্জা ।
খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ উৎসৱ হ’লেও বৰ্তমান সময়ত অখ্ৰীষ্টান সম্প্ৰদায় অথবা মানুহৰ মাজতো কিন্তু খ্ৰীষ্টমাছৰ একেই উচাহ দেখা পোৱা যায় । গীৰ্জাত উপাসনা , ভোজ, খ্ৰীষ্টমাছ ট্ৰী , আলোসজ্জাৰে এতিয়া মায়াময় হৈ পৰিছে সকলো প্ৰান্ত ।
পবিত্ৰ এই খ্ৰীষ্টমাছেই কঢ়িয়াই আনক শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ অনন্য বাৰ্তা । এই মধুৰ ক্ষণত সকলোলৈকে জনাইছো খ্ৰীষ্টমাছৰ প্ৰীতিভৰা ওলগ ।