নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সমুখ সমৰত মহন্ত-অতুল

যুদ্ধংদেহি অগপৰ আমবাৰীৰ কার্যালয়

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ (কা)ক লৈ পুনৰ বিভাজনৰ দিশে আগবাঢ়িছে ৰাজ্যৰ অন্যতম আঞ্চলিক দল অগপ ৷ পূর্বৰ দৰে দলক বিভাজনৰ দিশলৈ নিয়াৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত ৷ নাগৰিকত্ব সংশোধনী আইনবিৰোধী স্থিতিৰে নেতৃত্বৰ বিৰুদ্ধে মুকলি সংঘাতত নমা মহন্তই এই লক্ষ্যৰে আজি আমবাৰীত আয়োজন কৰিছে এখন বিশেষ সভাৰ ৷ মহন্তৰ অনুগামী একাংশ জিলা কমিটীক লৈ আয়োজন কৰা বৈঠকখনত দলৰ সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি ‘কা’ক সমর্থন দিয়া সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্রী ফণীভূষণ চৌধুৰী আৰু একমাত্র ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণৰ প্রস্তাৱ লোৱাৰ পৰিকল্পনা গ্রহণ কৰিছে ৷

লক্ষণীয় দিশটো হ’ল যে প্রফুল্ল মহন্তৰ এনে তৎপৰতাৰ বিপৰীতে আমবাৰীস্থিত দলৰ কার্যালয়তে সভাপতি অতুল বৰাই আহ্বান জনাইছে আন এক সুকীয়া বৈঠক ৷ অগপৰ মহিলা পৰিষদক লৈ আয়োজন কৰা এই বৈঠকত কার্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে কেইবাজনো বিষয়ববীয়া উপস্থিত থাকিব ৷ কার্যতঃ প্রফুল্ল মহন্ত আৰু অতুল বৰাৰ বৈঠক দুখনক কেন্দ্র কৰিয়ে অগপ বিভাজনৰ ছবি স্পষ্ট হৈ পৰিছে ৷ ইফালে আজিৰ বৈঠক সন্দর্ভত প্রফুল্ল মহন্তপন্থী গোটৰ এজন নেতাই প্রকাশ কৰা মতে, আমবাৰীত দলীয় বৈঠক তৃণমূল কর্মীসকলেহে আহ্বান কৰিছে ৷ বৈঠকত প্রাক্তন মুখ্যমন্ত্রীৰ লগতে আন কেইবাজনো নেতাক আমন্ত্রণ কৰা হৈছে ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিত অগপৰ ভূমিকাক লৈ ৰাইজ অসন্তুষ্ট ৷ দলীয় নেতৃত্বই তৃণমূল কর্মীৰ বিৰুদ্ধে গৈ সিদ্ধান্ত গ্রহণ কৰিছে ৷ গতিকে ৰাইজৰ ক্ষোভ তথা ৰাজনৈতিক পৰিৱেশ পর্যালোচনা কৰিয়ে এই বৈঠকৰ আহ্বান জনোৱা হৈছে ৷ নেতাজনে ইয়াকো কয় যে তৃণমূল কর্মীসকলে নিজ নিজ অঞ্চলত সন্মুখীন হোৱা প্রশ্নৰ উত্তৰ বিচাৰি মুখ্যতঃ এই বৈঠকৰ আহ্বান কৰিছে ৷ দলীয় নেতাসকলক এনে বৈঠক আয়োজনৰ বাবে কেইবাবাৰো অনুৰোধ কৰা হৈছিল, কিন্তু একচেতীয়াভাৱে সিদ্ধান্ত লৈ দলীয় কর্মীৰ অনুৰোধ উপেক্ষা কৰি অহা হৈছে ৷

মহন্তপন্থীৰ এনে দাবীৰ বিপৰীতে অতুল বৰাপন্থীৰ দাবী– তৃণমূল কর্মীৰ অসন্তুষ্টি দলৰ সাধাৰণ সভাত মুকলিকৈ আলোচনা কৰা হ’ব ৷ ইয়াৰ বাবে পৃথকে পৃথকে বৈঠকৰ প্রয়োজন নাই ৷ আনহাতে, প্রফুল্ল মহন্তৰ উদ্যোগত বৈঠকৰ আয়োজন কৰা সন্দর্ভত দল অৱগত নহয় বুলিও মন্তব্য কৰে অগপৰ এজন নেতাই ৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ অগপৰ নেতৃত্বই ‘কা’ক লৈ সমর্থন দিয়াৰ বাবে ক্ষুব্ধ গুৱাহাটী মহানগৰ জিলা কমিটীয়ে আমবাৰীৰ দলীয় কার্যালয়ৰ সন্মুখতে প্রতিবাদমুখৰ হৈছিল ৷ আনকি মহানগৰ জিলা কমিটীয়ে কার্যনির্বাহ অনুষ্ঠিত কৰিবলৈ গৈ বিফল হ’ব লগা হৈছিল নেতৃত্বৰ বাধাৰ বাবে ৷ এনে ক্ষোভৰ সুযোগ লৈয়ে ক্ষুব্ধ জিলা কমিটীসমূহক একত্রিত কৰি নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিবলৈ সাজু হৈছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত ৷ যদিও আজি মহন্তই তৃণমূল কর্মীৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্যে বৈঠকখন আয়োজন কৰা বুলি কৈছে, দৰাচলতে এই বৈঠকতে তিনি মন্ত্রী আৰু একমাত্র সাংসদৰ বিৰুদ্ধে দলীয় সিদ্ধান্ত ল’ব ৷
আনকি , কৌশলপূর্ণভাৱে এই বৈঠকতে মহন্তক নেতৃত্ব দিয়াৰ দাবীৰে এক প্রস্তাৱ গ্রহণ কৰা হ’ব ৷ ইফালে কাইলৈৰ বৈঠকৰ পূর্বে নেতৃত্বৰ বিৰুদ্ধে যথেষ্ট সৰৱ হৈ পৰা বিধায়ক পবিন্দ্র ডেকাই সোমবাৰে সংবাদ মাধ্যমৰ আগত কয় যে দলৰ সভাপতিসহ তিনি মন্ত্রী আৰু একমাত্র সাংসদক বহিষ্কাৰ কৰিব লাগে বুলি ২২খন জিলা কমিটীয়ে দাবী তুলিছে ৷ গতিকে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব ৷ দলৰ সিদ্ধান্তৰ বিৰুদ্ধে তেওঁলোকে স্থিতি লৈছে ৷ বিধায়কজনে ইয়াকো কয়– মাঘৰ বিহুৰ পাছতে সাধাৰণ সভা অনুষ্ঠিত হ’ব ৷ এই সভাতে দলে তিনি মন্ত্রী আৰু সাংসদজনৰ বিৰুদ্ধে সিদ্ধান্ত ল’ব ৷ মন কৰিবলগীয়া যে নেতৃত্বৰ বিৰুদ্ধে একপ্রকাৰ মুকলি হুংকাৰ দিয়া প্রফুল্ল কুমাৰ মহন্তই নিজৰ পক্ষত ৬জন বিধায়ক থকাৰ দাবী তুলিছে ৷ এনে অৱস্থাত কাইলৈ বৈঠকতে দলৰ বিভাজন স্পষ্ট হোৱাটো প্রায় নিশ্চিত ৷

You might also like