নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰ আজিৰ দিনটো

মেষ : যিকোনো কামকে ভাবি–চিন্তি কৰক ৷ বাঞ্ছিত ফল লাভত বাধা পাব ৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনৰ লগত আলোচনা কৰক ৷ বিদ্যাত সিমান নিৰাশ নহ’ব ৷ শুভ ৰং বগা, শুভ সংখ্যা ৩ ৷

বৃষ : অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ ৷ অধিক কর্মবোজা পৰিলেও কিছু নিয়ন্ত্রণ কৰক ৷ প্রেম–প্রীতিত খুব বেয়া নহ’ব ৷ অর্থলাভত উপকৃত হ’ব৷ ব্যৱসায়ত শুভ ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৪ ৷

মিথুন : আর্থিকত বেয়া দেখা নাযায় ৷ সাধাৰণ খৰচ–পাতি অৱশ্যে বৃদ্ধি হোৱাৰ সম্ভাৱনা, বিদ্যাত সাধাৰণ উন্নতি৷ যোগ্যতাৰ পুৰস্কাৰ পাব ৷ প্রেম–প্রীতিত শুভ৷ শুভ ৰং কমলা, শুভ সংখ্যা ২ ৷

কর্কট : কর্মক্ষেত্রত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক৷ খৰচ বৃদ্ধি পাব৷ সাধাৰণ শৰীৰৰ দুশ্চিন্তা ৷ দাম্পত্যত মোটামুটি সুখৰ কাৰক ৷ উদ্বিগ্নতাৰ সমাধানৰ উৎস ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮ ৷

সিংহ : নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব ৷ দিনটোত ব্যৱসায়ীসকল লেনদেন কৰোঁতে সাৱধান হ’ব ৷ আর্থিক দিশত ধন হানি হোৱাৰ যোগ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ ৷

কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব ৷ হঠাৎ কাৰোবাৰ লগত মতান্তৰ সৃষ্টি হ’ব পাৰে ৷ বিদ্যাত মধ্যম ৷ ভ্রমণাদিত আর্থিক হানিৰ যোগ৷ আলহীৰ আগমন ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮ ৷

তুলা : পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া ৷ যাত্রাদিত বাধাপ্রাপ্ত হ’ব ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫ ৷
বৃশ্চিক : ওলোটাভাৱে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব ৷ আনৰ কথাত বেছি প্রাধান্য নিদিব ৷ বিদ্যাত শুভ৷ দম্পত্যত বিৰোধ ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১১ ৷

ধনু : অকাৰণ বা কাৰণতেই হওক কোনোবাৰ লগত মতবিৰোধ হোৱাৰ আশংকা ৷ লেনদেনত সাৱধান থাকক ৷ শৰীৰ ভালেই বুলিব পাৰি ৷ ঘৰুৱা দিশত দুশ্চিন্তা নাই৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯ ৷

মকৰ : দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক ৷ নতুন কোনো যোগাযোগত উৎসাহিত ৷ শৰীৰত পুৰণি বেমাৰে আমনি কৰিব ৷ বন্ধুবর্গৰ প্রতি সাৱধান ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১ ৷

কুম্ভ : মজলীয়া হ’লেও উন্নত ৷ দূৰ যোগাযোগত বাধাপ্রাপ্ত ৷ পেটৰ অসুখৰ কাৰক৷ বিদ্যাত নিৰাশ নহ’ব ৷ ব্যৱসায়ত ঋণৰ কাৰকতা ৷ প্রেমত সাধাৰণ মতান্তৰ৷ শুভ ৰং বগা, শুভ সংখ্যা ৩ ৷

মীন : আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা ৷ কর্মক্ষেত্রত সৰু সুৰা বাধাৰ মাজেদি অগ্রসৰ হ’ব লাগিব ৷ বিদ্যাত মধ্যম৷ প্রেমত শুভ ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৬ ৷

You might also like