আবকাৰীৰ পৃষ্ঠপোষকতাত পূর্ণোদ্যমে চলিছে সুৰাৰ ৰমৰমীয়া বেহা
গোলাঘাট সুৰা কাণ্ডৰ এবছৰঃ কঠোৰ ব্যৱস্থা গ্রহণৰ প্রতিশ্রুতি অসাৰ
নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ দেশ কঁপোৱা গোলাঘাট সুৰা কাণ্ডৰ সোমবাৰে এটা বছৰ পাৰ হৈ গ’ল৷ বিগত বর্ষৰ ২১ ফেব্রুৱাৰীত সংঘটিত ঘটনাটোত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত গোলাঘাট আৰু যোৰহাট জিলাৰ ডেৰ শতাধিক লোকে প্রাণ হেৰুৱাইছিল৷ মূলতঃ গোলাঘাটৰ শালমৰা চাহ বাগিচা অঞ্চলৰ পৰাই সূচনা হোৱা বিষাক্ত সুৰাপান কাণ্ডত বহুতো শিশু অনাথ হোৱাৰ লগতে কোনোৱে স্বামী, পিতৃ–মাতৃ, ভাতৃক হেৰুৱাই নিঠৰুৱা হৈছিল৷ ভয়ানক কাণ্ডটোক কেন্দ্র কৰি সেই সময়ত বোকা ছটিওৱা দলীয় ৰাজনীতি হোৱাই নহয়, বর্তমানৰ চৰকাৰখনে স্থানীয় সুৰা প্রস্তুতকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি বন্ধ কৰাৰ প্রতিশ্রুতি দিছিল৷ সেই অনুসৰি বিগত সময়ত চৰকাৰ তথা আবকাৰী বিভাগে বিশেষ তৎপৰতা প্রদর্শন কৰাৰ প্রয়োজন আছিল৷ কিন্তু আজি এবছৰ পাৰ হৈ যোৱাৰ পিছতো চৰকাৰ তথা আবকাৰী বিভাগে কোনো ব্যৱস্থাই গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ দুর্ঘটনাটোৰ পিছতে যিকেইজনক গ্রেপ্তাৰ কৰা হৈছিল, সেইসকল আজি মুক্ত হৈ আহি পুনৰ একে কামতেই হাত দিয়াৰ ফলত আজিও সর্বত্র পূর্ণোদ্যমে চলি আছে অবৈধ সুৰাৰ ভাতী তথা ঘাটি৷ জানিব পৰা মতে, জিলাখনৰ কঁঠালগুৰি, সোণোৱাল, কাটনীবাৰী, চিনামৰা, ঢ়েকীয়াজুলি, মূৰমূৰীয়া, বাঘচোং, ডকলঙীয়া, ভেলেউগুৰি, টোকোলাইকে আদি কৰি বিভিন্ন চাহ বাগিচাৰ লগতে কাটনীপাৰ, গজপুৰীয়া, মাউতৰ চুক, ধোঁৱাফন্দিয়া, মাজগাঁও চর্দাৰ আলি, গাহৰি চুক, কুঁৱৰী পুখুৰী চেতিয়া গাঁও, জামুগুৰি, গৰগুৰিৰ অনেক স্থানত সুৰাৰ ভাতী চলি থকাৰ সমান্তৰালভাৱে ঘাটিসমূহো পূর্ণোদ্যমে চলি অহাৰ অভিযোগ উঠিছে৷ ৰাইজৰ অভিযোগৰ ভিত্তিত মাজে সময়ে আৰক্ষীয়ে তথাকথিত অভিযান চলাই বাহ্ বাহ্ আদায়ৰ চেষ্টা কৰে যদিও এইক্ষেত্রত সুকীয়াকৈ থকা আবকাৰী বিভাগটো নিশ্চুপ৷ ব্যৱস্থাটো বর্তাই ৰখাৰ বাবে আৰক্ষী আৰু আবকাৰী বিভাগৰ বিষয়াৰ মাজত ধনৰ লেনদেন হোৱাৰো ৰাজহুৱা অভিযোগ উত্থাপন হৈছে৷ ইয়াৰ মাজতে গোলাঘাট কাণ্ডত মৃত্যু হোৱা সুনীতা কুজুৰ আৰু দেৱাৰু কুজুৰৰ তিনি সন্তানে বিশিষ্ট লেখক, যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্রত শর্মা দম্পতীৰ উদাৰতাত নতুন পৰিচয় আৰু ঠিকনা পাবলৈ সক্ষম হ’লেও পৰিচয় তথা ঠিকনাবিহীন হোৱাসকলৰ স্বার্থতে এই বিষাক্ত ব্যৱস্থা বন্ধ কৰাৰ প্রয়োজন আছিল যদিও সেই সন্দর্ভত কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে প্রশাসনে৷