আব্দুল মালিকৰ বিৰুদ্ধে সাম্প্রদায়িক মন্তব্য প্রাক্তন কংগ্রেছ নেত্রী–অধ্যাপিকাৰ; গোচৰ ৰুজু
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ অসমৰ প্রসিদ্ধ কথাশিল্পী, বৰেণ্য সাহিত্যিক চৈয়দ আব্দুল মালিক সম্পর্কত তীব্র সাম্প্রদায়িক মন্তব্য প্রকাশ কৰি বিতর্কৰ মাজত সোমাই পৰিছে এগৰাকী অধ্যাপিকা৷ নিজৰ ফেচবুক একাউণ্টত চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটো মোগল বন্দনা বুলি অভিহিত কৰি সামাজিক মাধ্যমত চর্চাৰ কেন্দ্র হৈ পৰিছে নিজকে অসম চৰকাৰৰ প্রাক্তন সমাজ বিজ্ঞানী আৰু নীতি নির্ধাৰক তথা কংগ্রেছ দলৰ প্রাক্তন সম্পাদক বুলি পৰিচয় দিয়া ৰূপাৰাণী ভূঞা নামৰ মহিলাগৰাকী৷
মঙলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ এই অধ্যাপিকাগৰাকী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্রাক্তন ক’ট মেম্বাৰ৷ শেহতীয়াকৈ তেওঁ নিজৰ ফেচবুক একাউণ্টত চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটোৰ এটা অংশ উদ্ধৃত কৰি এই কবিতাটো মোগল বন্দনা বুলি মন্তব্য প্রকাশ কৰে৷ ইতিমধ্যে বিভিন্নজনে মহিলাগৰাকীৰ এনে তীব্র সাম্প্রদায়িক মন্তব্যৰ ক্ষেত্রত তীব্র প্রতিক্রিয়া সৃষ্টি কৰাৰ লগতে সদৌ অসম গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ আৰু গোলাঘাটৰ নাহৰণিৰ বাবুল আলী হাজৰিকাই তেওঁৰ বিৰুদ্ধে দুটা পৃথক গোচৰ ৰুজু কৰে৷
ইয়াৰ পাছতে দৰং আৰক্ষীয়ে মঙলদৈ সদৰ থানাত অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে নিজাববীয়াকৈ এটা সুকীয়া গোচৰ ৰুজু কৰে৷ সদৌ অসম গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ ভাৰপ্রাপ্ত সভাপতি ইছমাইল আলীয়ে গুৱাহাটীৰ হাতীগাঁও থানাত আজি ৰূপাৰাণী ভূঞাৰ এনে মন্তব্যৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে৷ আনহাতে, চৈয়দ আব্দুল মালিকৰ জন্মস্থান গোলাঘাটৰ নাহৰণিৰ বাবুল আলী হাজৰিকায়ো দেৰগাঁও আৰক্ষী থানাত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ আজি ৰূপাৰাণী ভূঞাক দৰং আৰক্ষীয়ে নিজাববীয়া গোচৰৰ পৰিপ্রেক্ষিতত থানালৈ মাতি নি জেৰা কৰে বুলি জানিব পৰা গৈছে৷
মঙলদৈ থানাত আৰক্ষীয়ে চলোৱা জেৰাৰ পাছতে ৰূপাৰাণী ভূঞাই নিজৰ ফেচবুক একাউণ্টৰ পৰা বৰেণ্য সাহিত্যিকগৰাকীৰ বিৰুদ্ধে কৰা সাম্প্রদায়িক মন্তব্যৰ পোষ্টটো ডিলিট কৰিছে৷ কিন্তু তেওঁ তাৰ পাছতে আন এটা পোষ্টত ‘মই অসমীয়া’ কবিতাটো পুনৰবাৰ বৰেণ্য সাহিত্যিকগৰাকীয়ে মোগলসকলৰ গুণানুকীর্তন অন্য অর্থত মোগল বন্দনা নহয়নে বুলি প্রশ্ণ উত্থাপন কৰে৷ আনহাতে, তেওঁৰ পোষ্টটোতে হোৱা বিতর্কত অসমৰ স্বনামধন্য সাহিত্যিকগৰাকীৰ স্থিতিক লৈ কটু মন্তব্য কৰাও পৰিলক্ষিত হয়৷ তেওঁ আন এটা পোষ্টত বাঘ হাজৰিকাৰ বিষয়ে তির্যক প্রশ্ণ কৰাও পৰিলক্ষিত হয়৷
ফেচবুকৰ এটা পৃথক পোষ্টত তেওঁ গুৱাহাটীত হোৱা মহম্মদ আলী জিন্নাৰ সভাত কোনে কৈছিল ‘লড়কে লেংগে পাকিস্তান, হাসকে লেংগে হিন্দুস্তান’ বুলি প্রশ্ণ কৰি সাম্প্রদায়িকতাৰ বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলোৱা পৰিলক্ষিত হয়৷ উল্লেখ্য যে মহাবিদ্যালয়ৰ অধ্যাপিকা এগৰাকীয়ে এনেদৰে তীব্র সাম্প্রদায়িক মন্তব্য প্রকাশ কৰি নিজকে কংগ্রেছৰ সদস্য বুলিও ঘোষণা কৰিছে যদিও এইপর্যন্ত কংগ্রেছ দলে কোনো ধৰণৰ আনুষ্ঠানিক স্পষ্টীকৰণ আগবঢ়োৱা নাই৷
ইফালে, এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে উল্লেখ কৰে– সমগ্র বিশ্বৰ মহাসংকটৰ সময়ত নামে–কামে অসমীয়া চৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটো সন্দর্ভত দুই–একৰ মতামত দেখি আমাৰ পুতৌ উপজিছে৷ কবিতাটো পঢ়ি অনুপ্রাণিত হৈ দৰঙৰ আন এগৰাকী অসমীয়া সাহিত্যিক এম ইব্রাহিম আলীয়ে ‘তুমি যদি অসমীয়া’ কবিতা লিখিছিল৷ দুয়োটা কবিতাই অসমীয়া কাব্য কাননৰ সুন্দৰ দেশপ্রেমমূলক দুটি সুগন্ধী পুষ্প৷ আমাৰ অসম গৌৰৱ সাহিত্যিকগৰাকী অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি৷ এই মহৎ কবিতাটিক লৈ কোনো ধৰণৰ বিতর্কৰ সৃষ্টি নকৰিবলৈ আহ্বান জনালোঁ৷ আমাৰ দেহ–মনৰ ৰন্ধ্রে ৰন্ধ্রে এই কবিতাৰ অনুৰণন প্রবাহিত৷ অসমীয়া জাতীয়তাবাদী চিন্তা–চেতনাৰ এক ফল্গু–উৎস ‘মই অসমীয়া’৷
আনহাতে শ্রেষ্ঠ অসমীয়া শ্রীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক উপন্যাস ‘ধন্য নৰতনু ভাল’ আৰু ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ জীৱনভিত্তিক উপন্যাস ‘ৰূপতীর্থৰ যাত্রী’ৰ দৰে অসমীয়া সাহিত্যলৈ অনবদ্য সৃষ্টি আগবঢ়োৱা চৈয়দ আব্দুল মালিকৰ ১৯৪১ চনত ৰচিত ‘মই অসমীয়া’ কবিতাটোত এতিয়া সাম্প্রদায়িকতাৰ ৰহণ সানি বিতর্কৰ মাজলৈ অনাৰ বিষয়টো তাৎপর্যপূর্ণ৷ গল্প–কবিতা–উপন্যাস্ অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা চৈয়দ আব্দুল মালিকক মোগলৰ বন্দনা কৰা অথবা পাকিস্তানৰ সমর্থন কৰা বুলি দিয়া মন্তব্যই এতিয়া ৰূপাৰাণী ভূঞা নামৰ অধ্যাপিকাগৰাকীৰ সাম্প্রদায়িক অভিপ্রায় প্রকট কৰি তুলিছে৷
আনকি এই সম্পর্কত সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ ক্ষেত্রত অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যক একপ্রকাৰ সকীয়নিও দিছে ভূঞাই৷ মহিলাগৰাকীৰ এনে ভূমিকাই এতিয়া তীব্র বিতর্কৰ সূত্রপাত ঘটাইছে৷ কংগ্রেছত এঘৰীয়া হৈ এতিয়া এই তথাকথিত প্রাক্তন কংগ্রেছ নেত্রীগৰাকীয়ে আন ৰাজনৈতিক দললৈ ভৰি মেলি থকা বুলিও বাতৰি প্রকাশ পাইছে৷