নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰিত পুনৰ ধৃত ১৯ নাগালেণ্ডফেৰৎ

নিয়মীয়া বার্তা, ২৩ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে চৰকাৰে লকডাউন ঘোষণা কৰাৰ লগতে ৰাজ্যখনৰ বিভিন্ন জিলাৰ মাজত যোগাযোগৰ ক্ষেত্রতো বাধা–নিষেধ আৰোপ কৰাৰ সময়তে আন্তঃৰাজ্যিক সীমা বিনাদ্বিধাই অতিক্রম কৰি চুবুৰীয়া নগা ৰাজ্যৰ পৰা হোৰাহোৰে বিভিন্ন লোক আমগুৰিলৈ আহি আছে ৷ নগা ৰাজ্যৰ গোহাঁইপানীৰ কয়লা ডিপোট কর্মৰত বোকাজান আৰু সৰুপথাৰৰ ১৯গৰাকী লোক মঙলবাৰে নিশা আমগুৰি নগৰত উপস্থিত হয় ৷ ইয়াৰে বোকাজানৰ হিয়ামন বডো, ডিম্পল বৰদলৈ, বিনয় বসুমতাৰী, সুৰেশ ৰায়, শিৱ থাপা, ডিম্পল বডো, বিশেশ্বৰ মেছ, কমল মেছ আৰু সৰুপথাৰৰ মহেন্দ্র বসুমতাৰী, ৰতিয়া বসুমতাৰী, জয়দেৱ দৈমাৰী, আনন্দ বসুমতাৰী, বিচৰাম বসুমতাৰী, চন্দ্র ছেত্রী, ৰাহুল ছেত্রী, সুমন উপাধ্যায়, চন্দ্র বাহাদুৰ ছেত্রী, কানাই বসুমতাৰী, দীনবন্ধু থাপাক ৰাতিয়েই আমগুৰি সামূহিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ কৰি ৰাতিটো থকাৰ ব্যৱস্থা কৰাৰ পিছত আজি বিয়লি সকলোকে শিৱসাগৰৰ ডিমৌস্থিত কোৱাৰেণ্টাইন গৃহলৈ প্রেৰণ কৰা হয় ৷

উল্লেখ্য যে আন্তঃৰাজ্যিক সীমা বন্ধ থকা সত্ত্বেও এই লকডাউনৰ সময়ত বিভিন্ন ঠিকাদাৰৰ অধীনত নগা ৰাজ্যত বিশেষকৈ কয়লাৰ কামত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা শ্রমিক আমদানি কৰি ন্যূনতম খাদ্যসামগ্রী যোগান নধৰা এইসকল শ্রমিক তীব্র খাদ্য সংকটত পৰি নগা ৰাজ্য ত্যাগ কৰি আমগুৰিলৈ গুচি আহিছে৷ যোৱা ১৬ এপ্রিলত ৪৪জন, ১৭ এপ্রিলত ২১জন, ১৮ এপ্রিলত ১৮জন, ২০ এপ্রিলত ৫জনৰ পিছত যোৱানিশা ১৯গৰাকী লোক নগা ৰাজ্যৰ পৰা আহি আমগুৰিত উপস্থিত হৈছিল৷ নগা ৰাজ্যৰ পৰা এতিয়ালৈকে আমগুৰিলৈ অহা মুঠ ১০৭ গৰাকীৰে ৬৩ গৰাকীক ডিমৌ আৰু বাকী ৪৪ গৰাকীক আমগুৰি আউনীআটীয় হেমচন্দ্র দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী কোৱাৰেণ্টাইন শিবিৰত ৰখা হৈছে ৷

You might also like