নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আমি মাথোঁ জীয়াই থকাৰ বাবে জীয়াই থাকিলে নহ’ব, আনৰ কথাও ভাবি লাগিব’

কৰুণাধাৰাৰ দশম প্রতিষ্ঠা দিৱস উদ্যাপনঃ আশ্রয় গৃহৰ বাবে গুৱাহাটীত ভূমি দিয়াৰ আশ্বাস মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ তীব্র যন্ত্রণা আৰু অৱহেলাৰ মাজেৰে অসহনীয় জীৱন অতিবাহিত কৰা বিশেষভাৱে সক্ষম লোকক সহায় কৰি মুখৰ হাঁহি ঘূৰাই অনাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা কৰুণাধাৰা ন্যাসৰ বৃহস্পতিবাৰে দশম প্রতিষ্ঠা দিৱস উদ্যাপন কৰা হয়৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত গাম্ভীর্যপূর্ণ পৰিৱেশত অনুষ্ঠিত প্রতিষ্ঠা দিৱসত ন্যাসৰ কর্মৰাজিৰ ওপৰত তথা অইল ইণ্ডিয়া লিমিটেডৰ অর্থ–সাহায্যৰে বিশিষ্ট পৰিচালক চাৰুকমল হাজৰিকাই পৰিচালনা কৰা ‘কৰুণাধাৰা’ শীর্ষক তথ্যচিত্র এখন উন্মোচন কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তথ্যচিত্রখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ ইয়াৰ পিছতে তথ্যচিত্রখন প্রদর্শন কৰা হয়৷ কৰুণাধাৰাৰ সভাপতি প্রতুল ফুকনে সভাপতিত্ব কৰা প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দিব্যাংগসকলৰ আশ্রয় গৃহ নির্মাণৰ বাবে কৰুণাধাৰা ন্যাসলৈ গুৱাহাটীৰ উপযুক্ত স্থানত প্রয়োজনীয় ভূমি আগবঢ়াব বুলি ঘোষণা কৰে৷ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে কয়– আমি মাথোঁ জীয়াই থকাৰ বাবে জীয়াই থাকিলে নহ’ব, আনৰ কথাও ভাবিব লাগিব৷ মানৱ সেৱাই ঈশ্বৰ সেৱা৷ সমাজৰ অৱহেলিত লোকসকলক মর্যাদাসহকাৰে জীৱন নির্বাহৰ লগতে সামাজিক আৰু আর্থিক নিৰাপত্তা প্রদানৰ ক্ষেত্রত মাথোঁ চৰকাৰেই নহয়, সমাজৰ প্রতিগৰাকী লোক দায়বদ্ধতাৰে অগ্রসৰ হ’ব লাগিব৷ ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ গীতৰ পংক্তিৰ উদ্ধৃতি দাঙি ধৰি মুখ্যমন্ত্রীয়ে কয় যে যি মহান ত্যাগ আৰু মানৱীয় প্রমূল্যবোধেৰে উদ্বুদ্ধ হৈ প্রতিষ্ঠাকালৰে পৰা কৰুণাধাৰা ন্যাসে সমাজৰ দুর্বল আৰু আর্তজনৰ মুখৰ হেৰাই যোৱা হাঁহি ঘূৰাই অনাৰ বাবে কাম কৰি আহিছে, সেয়া আমাৰ সকলোৰে বাবে অনুকৰণীয়৷ সংস্থাটোৰ এই কর্মৰাজিয়ে হাজাৰজনক মানুহৰ বাবে কাম কৰাৰ দিশত প্রেৰণা যোগাব বুলি কয়৷ অনুষ্ঠান এটা জন্ম দিয়াটো উজু কাম৷ কিন্তু অনুষ্ঠানটোক ৰাইজৰ বিশ্বাসযোগ্য তথা আস্থাভাজন ৰূপে আগুৱাই নি প্রকৃত মানৱ সেৱা কৰাটো অতিকৈ কঠিন কাম৷ ৰাইজৰ দান–বৰঙণিৰে গঠিত কৰুণাধাৰা ন্যাসৰ সংগৃহীত পুঁজিৰ প্রতিটো টকাৰ সদ্ব্যৱহাৰ কৰাৰ বাবে সংস্থাটোৰ শলাগ লৈ মুখ্যমন্ত্রীয়ে অন্যান্য দাতব্য সংস্থাসমূহকো এই আদর্শৰে বাট বুলিবলৈ আহ্বান জনায়৷ ৰাজ্যখনৰ বিভিন্ন প্রান্তত দিব্যাংগসকলৰ বাবে নীৰৱে কাম কৰি থকা অনুষ্ঠানসমূহক একত্রিত কৰি গুৱাহাটীত এখন সভা আহ্বান কৰাৰ ক্ষেত্রত উদ্যোগ ল’বলৈ মুখ্যমন্ত্রীগৰাকীয়ে স্বনামধন্য কথাশিল্পী হোমেন বৰগোহাঞিক আহ্বান জনায়৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে দিব্যাংগসকলক সমাজত এক মর্যাদাপূর্ণ স্থান উপহাৰ দিয়াৰ বাবে চৰকাৰে প্রকৃত আন্তৰিকতাৰে কাম কৰি আহিছে৷ ৰাজ্য চৰকাৰৰ প্রয়াসত ডিব্রুগড়ত দিব্যাংগসকলৰ বাবে এখন আই টি আই প্রতিষ্ঠা কৰা হৈছে৷ দিব্যাংগসকলৰ বাবে বিশেষভাৱে প্রতিষ্ঠিত এইখনেই ভাৰতবর্ষৰ প্রথম আৰু একমাত্র আই টি আই প্রতিষ্ঠান৷ দিব্যাংগসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে তেওঁলোকৰ প্রতিগৰাকীলৈ প্রতি মাহে ১ হাজাৰ টকাকৈ প্রদান কৰি থকাৰ লগতে বিভিন্ন চৰকাৰী বিভাগত ৬৬৩গৰাকী দিব্যাংগ ব্যক্তিক নিয়োগ কৰা হৈছে৷ দিব্যাংগসকলৰ বাবে এখন সুকীয়া বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰ অতিশয় আগ্রহী আৰু কেন্দ্রীয় চৰকাৰৰ পৰা প্রয়োজনীয় অনুমোদন লাভ কৰিলে এই দিশত আগবাঢ়িব পৰা যাব৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে ‘কৰুণাধাৰা’ ন্যাসৰ তৰফৰ পৰা কর্পাছ ফাণ্ড গঠনৰ বাবে জনোৱা আহ্বানৰ বিষয়টো ইতিবাচক দৃষ্টিভংগীৰে বিবেচনা কৰা হ’ব বুলিও আশ্বাস দিয়ে৷ উল্লেখ্য যে ইয়াৰ পূর্বে কৰুণাধাৰা ন্যাসৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট কথাশিল্পী, নিয়মীয়া বার্তাৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে ন্যাসৰ জন্মলগ্ণৰ নেপথ্যৰ কথা স্মৰণ কৰি কয়– আমি কৰুণাধাৰাৰ দশম প্রতিষ্ঠা দিৱস পালন কৰিছোঁ৷ আমি প্রতিষ্ঠা দিৱস পালন কৰিবলৈ উৎসৱৰ আয়োজন নকৰোঁ৷ আমি দুটা কাৰণত প্রতিষ্ঠা দিৱস পালন কৰোঁ৷ প্রথমতে আমি নতুনকৈ সংকল্প লওঁ যে মানুহৰ সেৱাৰ বাবে আমি যিটো পথ বাছি লৈছোঁ, সেই পথত বহুত বাধা–বিঘিনি থাকিব পাৰে৷ যথেষ্ট প্রত্যাহ্বান থাকিব পাৰে৷ কিন্তু সকলো আওকাণ কৰি আমি আগবাঢ়ি যামেই৷ দ্বিতীয়তে, ৰাইজৰ পৰা আশীর্বাদ, পৰামর্শ বিচাৰিম, যাতে পৃথিৱীৰ আটাইতকৈ যিবোৰ দুর্ভগীয়া মানুহে আমাৰ মাজত থাকিও আচলতে এখন পাতালত বাস কৰে৷ কোনেও তাক দেখিবলৈ নাপায়৷ নিজৰ তীব্র যন্ত্রণাত জীৱন জহি–খহি যায়৷ সেই মানুহবোৰক আমি সামান্য সহায় কৰি তেওঁলোকো যে মানৱ সমাজৰে অংগ, তেওঁলোকো যে আমাৰে অত্মীয় ভাই–ভনী, সেই কথা কোনেও যাতে পাহৰি নাযায় সেইটো কথা মনত পেলাই দিবলৈ প্রতিষ্ঠা দিৱসৰ আয়োজন কৰোঁ৷ সেয়ে হুইল চেয়াৰত বা বিছনাত আবদ্ধ সেইসকল মানুহক ৰাখিবৰ বাবে মাটি পালে ঘৰ সাজিব বিচাৰিছোঁ৷ কিয়নো মাক–দেউতাকৰ অৱর্তমানত তেওঁলোকে কিদৰে জীৱন অতিবাহিত কৰিব সেয়া অকল্পনীয়৷ সেয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক মই সেইসকল দুর্ভগীয়া মানুহক ৰাখিবৰ বাবে ঘৰ বনাবলৈ মাটি দিবলৈ মুখ্যমন্ত্রীক অনুৰোধ জনালোঁ৷ য’ত প্রতিবন্ধীসকলৰ লগতে তেওঁলোকৰ চিকিৎসাৰ বাবে চিকিৎসক তেওঁলোকৰ বাসগৃহত থাকিব৷ আশ্রয়গৃহত প্রতিবন্ধীক প্রয়োজন হোৱা ধনৰ বাবে ১০ কোটি টকা বেংকত ফিক্সড ডিপ’জিট কৰি দিবলৈও মুখ্য উপদেষ্টা বৰগোহাঁয়ে মুখ্যমন্ত্রীক অনুৰোধ জনায়৷ বৰগোহাঞিয়ে লগতে কয়– চৰকাৰৰ ফুটা কড়ি এটাও আমি নলওঁ, কিন্তু সেই জমা ধনৰ সুদৰ টকাৰে আমি প্রতিবন্ধীসকলৰ বাবে কাম কৰিম৷ গোহাঞিৰ এই অনুৰোধৰ পিছতে মুখ্যমন্ত্রীয়ে ভূমি আবণ্টন দিয়াৰ লগতে ধন দিয়াৰ বাবে বিবেচনা কৰিব বুলি কয়৷ উল্লেখ্য যে ২০১১ চনৰ ১২ ফেব্রুৱাৰীত প্রথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি আৰু প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান নিশিনাথ চাংকাকতিৰ প্রচেষ্টাত কৰুণধাৰা জন্ম দিয়া হৈছিল৷ বর্তমান জিলা আৰু মহকুমা পর্যায়ত ৩৪খন শাখা সমিতি থকা কৰুণাধাৰাই ১৫০০ৰো অধিক লোকক প্রায় ৩ কোটি টকা সাহায্য আগবঢ়াইছে৷ আজিৰ এই অনুষ্ঠানত বিশিষ্ট উদ্ভাৱক পদ্মশ্রী ড০ উদ্ধৱ ভৰালী, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া দিলীপ কুমাৰ দাসেও বক্তব্য প্রদান কৰে৷ অনুষ্ঠানত ‘কৰুণাধাৰা’ ন্যাসৰ তৰফৰ পৰা দিব্যাংগসকলৰ বাবে দীর্ঘদিন ধৰি নীৰৱে সেৱা আগবঢ়াই অহা লেৰেলা খুদৈ মেম’ৰিয়েল ট্রাষ্টৰ মুৰব্বী প্রেমলতা শইকীয়াক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰাৰ উপৰি ২০ হাজাৰ টকাৰ এখন চেক প্রদান কৰা হয়৷ অনুষ্ঠানৰ আৰম্ভণিতে কৰুণাধাৰা ন্যাসৰ সাধাৰণ সম্পাদক ডাঃ নৰেশ্বৰ শর্মাই আদৰণী ভাষণ দিয়ে৷ অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, ‘কৰুণাধাৰা’ ন্যাসৰ সভাপতি প্রতুল চন্দ্র ফুকন, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ অশোক ভট্টাচার্য, কৃষি বিশ্ববিদ্যালয়ৰ ডীন বিবেকানন্দ শইকীয়াকে ধৰি বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like