নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাত যোগদানৰ যোগাযোগঃ ৬ কিশোৰক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ বাবে অসমৰ জনগণে প্রতিবাদ অব্যাহত ৰখাৰ সময়তে পুনৰ এচাম যুৱকে আলফা (স্বাধীন)ত যোগদান কৰাৰ প্রস্তুতি চলোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ বিগত দুমাহ ধৰি তিনিচুকীয়া জিলাৰ অসম–ৰুণাচল সীমান্তৱর্তী অঞ্চল বৰডুমচাৰ পৰা ছজনকৈ কিশোৰে আলফা (স্বাধীন)ত যোগদান কৰিবলৈ যোগাযোগ চলাই থকাৰ সময়তে বৃহস্পতিবাৰে নিশাৰ ভাগত নিজ নিজ বাসগৃহৰ পৰা বৰডুমচা আৰক্ষীয়ে সেনাবাহিনীৰ সৈতে অভিযান চলাই গ্রেপ্তাৰ কৰে ৷ কিশোৰকেইজন পেঙেৰী–বৰডুমচাৰ ৰিতু কঁঠালগুৰি, মিহলিৰিতু, কুজুপথাৰ অঞ্চলৰ বুলি আৰক্ষীয়ে জানিব দিছে ৷ আটাইকেইজন কিশোৰৰ বয়স ১৫–১৭ বছৰ বুলি জানিব পৰা গৈছে ৷ কিশোৰকেইজনে কুজুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম–দশম শ্রেণীৰ ছাত্র ৷ কিশোৰকেইজন ‘মুক্তিযোদ্ধা অসম’ নামৰ আলফাৰ নামত থকা ফেচবুক একাউণ্টযোগে দুমাহ ধৰি যোগাযোগ অব্যাহত ৰাখিছিল ৷ অসম আৰক্ষীৰ চোৰাংচোৱা শাখাই এই গোপন তথ্য লাভ কৰাৰ পাছতেই কিশোৰকেইজনক গ্রেপ্তাৰ কৰে ৷ কিশোৰকেইজনক বৰডুমচা আৰক্ষীয়ে তিনিচুকীয়ালৈ প্রেৰণ কৰিছে ৷ সমগ্র ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

You might also like