নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা(স্বা)ৰে শান্তি আলোচনাঃ ৰাজ্যিক কেবিনেটে পঠাব প্ৰস্তাৱ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ বড়ো শান্তি চুক্তিৰ পাচতেই এতিয়া উত্থাপিত হৈ আছে আলফা স্বাধীন আৰু চৰকাৰ মাজৰ শান্তি আলোচনাৰ বিষয়টো । কেন্দ্ৰীয় চৰকাৰেও উত্তৰ-পূব তথা অসমলৈ শান্তি ঘূৰাই অনাৰ বাবে আলফাৰ সৈতে আলোচনাৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে ।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলফা স্বাধীনৰে আলোচনাৰ বিষয় সন্দৰ্ভত গঢ়ি তুলিছে প্ৰাৰম্ভিক প্ৰস্তুতি । শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কোকৰাঝাৰ ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে আলফাৰ সৈতে আলোচনাৰ বিষয়টো প্ৰধানমন্ত্ৰীৰ আগত উত্থাপন কৰে ।

ঐতিহাসিক বড়ো চুক্তিৰ পাচতেই কেন্দ্ৰীয় চৰকাৰে আলফা স্বাধীনৰে শান্তি আলোচনাৰ বিষয়টো অত্যধিক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে । ইফালে , পৰেশ বৰুৱাইও সাৰ্বভৌমত্বৰ দাবী আগত ৰাখি আলোচনা হ’লে সেই আলোচনাত অৱশ্যেই অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে । বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি অসম চৰকাৰে তৎপৰতাৰে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰাৰ লগতে অচিৰেই অসম চৰকাৰ হৈ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে এক আলোচনাত মিলিত হ’ব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত হোৱা আলোচনাৰ পাচতেই আনুষ্ঠানিকভাৱে আলফা স্বাধীন তথা পৰেশ বৰুৱালৈ ৰাজ্যিক কেবিনেটে শান্তি আলোচনাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, ঐতিহাসিক বড়ো চুক্তিৰ পাচতেই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনক শান্তি আলোচনাৰ বাবে অনুৰোধ কৰিছিল । তাৰ সমান্তৰালভাৱে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আমন্ত্ৰণ জনায় ।

You might also like