আলফা (স্বাধীন)ত গুপ্তচৰ নিয়োগৰ অভিযোগ নস্যাৎ ভাস্কৰজ্যোতি মহন্তৰ
নিয়মীয়াবাৰ্তা,৯ মে’: চোৰাংচোৱাৰ অভিযোগত আলফা (স্বাধীন)–এ দুই নতুন সদস্য বৰপেটাৰ ধনজিৎ দাস আৰু বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ সঞ্জীৱ শর্মাক মৃত্যুদণ্ড বিহাৰ বিষয়টোক কেন্দ্র কৰি আজিও সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়া–চাঞ্চল্য অব্যাহত আছে৷ ইয়াৰ মাজতে আলফা (স্বাধীন)ত গুপ্তচৰ নিয়োগৰ অভিযোগ নস্যাৎ কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷
সংবাদ মাধ্যমৰ আগত অসম আৰক্ষীৰ সঞ্চালকপ্রধান মহন্তই কয় যে অসম আৰক্ষীয়ে বিভিন্ন ধৰণৰ অভিযান চলায়৷ কিন্তু এনেকুৱা ধৰণৰ গুপ্তচৰ নিয়োগৰ কথা ইতিহাসত শুনিছে জানো? আলফাৰ তিনিটামান দশকজোৰা তথাকথিত সংগ্রামত কিমান মানুহৰ প্রাণহানি হ’ল, কিমান মানুহৰ অৱস্থা নাইকিয়া হ’ল৷ তেওঁলোকৰ ঘৰবোৰ কি অৱস্থাত চলি আছে৷ আমিয়েই ১,২০০টা ল’ৰা–ছোৱালীক পঢ়ুৱাই আছোঁ, যিসকল আলফা বা তেনেকুৱা সংগঠনে হত্যা কৰা পৰিয়ালৰ দুখীয়া ল’ৰা–ছোৱালী৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে শান্তি আলোচনাৰ ক্ষেত্রত দেখুওৱা সদিচ্ছাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে এইক্ষেত্রত পৰেশ বৰুৱায়ো খুব ভাল সঁহাৰি দিয়া আমি দেখিছোঁ৷ এনেকুৱা এটা পৰিৱেশত অসম আৰক্ষীয়ে গুপ্তচৰ নিয়োগৰ দৰে কাম কৰিব নেকি? গুপ্তচৰ নিয়োগ কৰাটো এটা মূর্খামিহে হ’ব৷ এতিয়া হ’ল শান্তি আলোচনাৰ পৰিৱেশ গঢ়াৰ সময়৷ এই পৰিৱেশ গঢ়াৰ প্রক্রিয়াটো অসম আৰক্ষীয়ে আগবঢ়াইহে নিব৷ ইয়াক বন্ধ কৰাৰ কিয় চেষ্টা কৰিব৷
অসম আৰক্ষী সঞ্চালকপ্রধানজন মতে যুৱক দুজনক মৃত্যুদণ্ড বিহাটো আলফা (স্বাধীন)ৰ এটা আভ্যন্তৰীণ বিষয়৷ ইয়াৰ সৈতে অসম আৰক্ষীৰ সম্পর্ক নাই বুলি তেওঁ দাবী কৰে৷ হত্যা, অসূয়া–প্রীতি আৰু সমাজৰ দুখীয়াজনৰ প্রতি কোনো অনুকম্পা নোহোৱা অত্যাচাৰবোৰ অসমত কিমান দিনলৈ চলি থাকিব বুলি প্রশ্ণ উত্থাপন কৰি তেওঁ কয় যে অসমৰ ৰাইজে এইটো বিচাৰিছে নেকি? আমি বিচাৰিছোঁ এখন শান্তিৰ অসম হওক৷ য’ত মর্যাদাৰে অসমবাসীয়ে জীৱন যাপন কৰি থাকিব পাৰে৷ বিশেষকৈ শিশু–দৰিদ্রসকলে ভালকৈ থাকিব পাৰে, আমি সেইটোহে কামনা কৰোঁ৷ কিন্তু কোনো আভ্যন্তৰীণ সমস্যাৰ গইনা লৈ কাৰোবাক জগৰীয়া কৰি, কাৰোবাক হত্যা কৰাটো ঘৃণনীয়৷ এনেকুৱা কাম সাহসী মানুহে নকৰে৷ অকল ধনজিৎ দাস আৰু সঞ্জীৱ শর্মাই নহয়, সশস্ত্র সংগঠনটোৱে তেওঁলোকৰ ভিতৰতে থকা আৰু বহু ল’ৰাক মাৰি পেলোৱা বুলিও বিস্ফোৰক মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান মহন্তই৷ এই সন্দর্ভত সাংবাদিকক উদ্দেশ্যি তেওঁৰ ভাষ্য আছিল এনেধৰণৰ– অকল এইকেইজনকে মাৰিছে নেকি? এইবোৰ প্রহসন কথা৷ ঘোষণা নকৰা কিমান মানুহক মাৰিছে আপোনালোকৰ হিচাপ আছে জানো? আপোনালোকে কেৱল ঘোষণা কৰাকেইটাৰ কথাহে কৈছে৷ আলফাৰ ভিতৰত থকা আৰু বহুতো ল’ৰাক মাৰি পেলোৱা হৈছে৷ দিয়া হৈছে তথাকথিত মৃত্যুদণ্ড৷ তালৈ যোৱাসকলৰ প্রতি মোৰ অনুকম্পা জাগে৷ গতিকে ডেকা ল’ৰা–ছোৱালীসকলক মই কওঁ– তালৈ যোৱাটো একো ভাল কথা নহয়৷ এনেধৰণৰ পৰিণতি খুবেই স্বাভাৱিক৷ আলফা (স্বাধীন)ৰ নেতৃত্বক অসমৰ মানুহৰ মন কেনেকুৱা, ৰাইজে কি বিচাৰে, সেয়া অনুধাৱন কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালকপ্রধান মহন্তই আহ্বান জনায়৷