নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য বিভাগৰ স্থগিত ৰখা লিখিত পৰীক্ষা এসপ্তাহ–দুসপ্তাহৰ ভিতৰত অনুষ্ঠিত হ’ব– মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়াবাৰ্তা,৯ মে’:  ৰাজ্যৰ স্বাস্থ্য বিভাগত তৃতীয় আৰু চতুর্থবর্গৰ চাকৰিৰ বাবে অহা ১৫ মে’ত হ’বলগীয়া লিখিত পৰীক্ষা অকস্মাত শনিবাৰে বিভাগটোৱে অনির্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ ঘোষণা কৰে৷ এই সম্পর্কত দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে উক্ত পদসমূহত নিযুক্তিৰ বাবে ১০ লাখ প্রার্থীয়ে আবেদন কৰিছে৷ ১৫ মে’ত হ’বলগীয়া পৰীক্ষাসমূহ অহা ২১ বা ২৭ মে’ত হ’ব৷ এসপ্তাহ বা দুসপ্তাহ পাছতেই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব৷

You might also like