নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহিব নেকি পৰেশ বৰুৱা ? এইবাৰ সাহিত্য সভাই জনালে আহ্বান

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ পৰেশ বৰুৱা নেতৃত্বধীন আলফা স্বাধীনৰ মৰ্যদাপূৰ্ণ শান্তি আলোচনাৰ পোষকতা কৰিছে অসম সাহিত্য সভাই । শনিবাৰে অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কৰিছে সভাই ।

অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে এই কথা । ৰাজবংশীয়ে কয় যে, চৰকাৰ আৰু আলফা স্বাধীনৰ মাজৰ শান্তি প্ৰক্ৰিয়া মৰ্যদাসহকাৰে সম্পন্ন হওক । আমি আলফা নেতা পৰেশ বৰুৱাকো অনুৰোধ জনাম যে মৰ্যদাসহকাৰে আলোচনাত ভাগ লৈ অসমলৈ শান্তিৰ পৰিৱেশ ঘূৰাই আনক । তেখেত সকল আহক আৰু শান্তি আলোচনাত বহক এইয়াই আমাৰ কামনা । ইয়াৰ বাবে সাহিত্য সভাৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ।

You might also like