নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰম্ভ হ’ল ফিল্মফেয়াৰৰ ডামামাঃ কোন কোন অসমীয়া শিল্পী থাকিব অনুষ্ঠানত ?

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ ফিল্মফেয়াৰৰ জ্বৰত আক্ৰান্ত হৈছে গুৱাহাটী । ১৫ ফেব্ৰুৱাৰীৰ বিয়লি ৫.৩০ বজাত সৰুসজাই হেলিপেড গ্ৰাউণ্ডত আৰম্ভ হ’ব বহু প্ৰতীক্ষিত ফিল্মফেয়াৰ এৱাৰ্ড । বৃহস্পতিবাৰে অসম পৰ্যটন নিগমৰ কাৰ্যালয়ত পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ফিল্মফেয়াৰ সন্দৰ্ভত সম্বোধন কৰে এখন সংবাদমেল ।

ৰাজ্য চৰকাৰে কেৱল মাত্ৰ ২৩ কোটি টকা খৰচ কৰিব এই ফিল্মফেয়াৰত তাৰ বাহিৰে এটকাও খৰচ নকৰে বুলি উল্লেখ কৰে জয়ন্ত মল্ল বৰুৱাই । ইতিমধ্যে বুক মাই শ্ব’ত বিক্ৰী হৈছে প্ৰায় ২১৬৫ টা টিকট । ৮ ফেব্ৰুৱাৰী পুৱা ১ বজাৰ পৰা awesome assam website ত উপলব্ধ হ’ব ৩৫ শতাংশ টিকট ।

৭০০৬ গৰাকী লোকে একেলগে উপভোগ কৰিব পৰা ফিল্মফেয়াৰৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে টিকটৰ মূল্য হ’ব ১০০০ টকা । ১ হাজাৰৰ পৰা ৩ লাখ টকালৈ উপলব্ধ হ’ব ফিল্মফেয়াৰৰ টিকটসমূহ ।

উল্লেখ্য যে, ৯ ৰ পৰা ১২ মিনিটৰ ভিতৰত অসম সম্পৰ্কীয় কলা-সংস্কৃতি পৰিৱেশন হ’ব ফিল্মফেয়াৰৰ মঞ্চত । সত্ৰীয়া নৃত্যকে ধৰি বিহু আৰু ৩০ টা জনগোষ্ঠীয় নৃত্যও পৰিৱেশন কৰা হ’ব এই অনুষ্ঠানত ।

ইফালে , অসমৰ হৈ আইমী বৰুৱাই বিহু নৃত্যত অংশগ্ৰহণ কৰাৰ লগতে সত্ৰীয়া নৃত্যত অংশগ্ৰহণ কৰিব গায়ত্ৰী মহন্তই ।

You might also like