নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএলৰ সভাপতি প্রমোদ বড়োক বেপাৰী আখ্যা মহিলাৰীৰ

নিয়মীয়া বার্তা, ৯ মার্চঃ বাগ্সা জিলাৰ বৰমাৰ নিকটৱর্তী কদমতলত দেওবাৰে সদৌ বড়ো ৱমেন ফেডাৰেচনে কেন্দ্রীয়ভাৱে উদযাপন কৰে আন্তর্জাতিক নাৰী দিৱস ৷ নাৰী দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে মহিলাসকলৰ কাৰণে নতুন আঁচনি অনা বুলি ঘোষণা কৰি আগন্তুক নির্বাচনত মহিলাসকলকো অগ্রাধিকাৰ প্রদান কৰা হ’ব বুলি মন্তব্য আগবঢ়ায় ৷ সভাত ইউ পি পি এল কোন দেশৰ দল বুলি প্রশ্ন উত্থাপন কৰি প্রমোদ বড়োক ক্ষুৰধাৰ সমালোচনা কৰে ৷ তেওঁ বাগ্সা, ওডালগুৰিত শেহতীয়াভাৱে হোৱা ঘটনাক ৰাজনৈতিক ষড়যন্ত্র আখ্যা দি কোনো এজেণ্টে এইবোৰ ঠাইত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি অভিযোগ কৰে ৷ প্রমোদ বড়োক বেপাৰী বুলি আখ্যা দিয়ে হাগ্রামা মহিলাৰীয়ে ৷ সভাত বিপিএফৰ মহিলা সমিতিৰ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াৰ উপৰি মন্ত্রী প্রমীলাৰাণী ব্রহ্ম, বিটিচিৰ ই এম অনচুমৈ খুংগুৰ বড়ো, স্থানীয় বিধায়ক মনেশ্বৰ ব্রহ্ম, কেইবাজনো নেতা উপস্থিত থাকে ৷ সদৌ বড়ো ৱমেন ফেডাৰেচনৰ কেন্দ্রীয় সমিতিৰ সভানেত্রী বিভাৰাণী নার্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে যমুনাৰাণী ব্রহ্মই ৷ সভাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে কয় যে নাৰী দিৱসটো এটা তাৎপর্যপূর্ণ দিন ৷ ভাষণত মহিলাসকলৰ মাজত আধ্যাত্মিক জ্ঞান থাকিব লাগে বুলি উল্লেখ কৰি মহিলাসকলে বিশ্বৰ বাতাৱৰণ সুষ্ঠ কৰাৰ বাবে ভগৱানক প্রার্থনা কৰে বুলিও তেওঁ মন্তব্য কৰে ৷ বিটিচি অঞ্চলত অকল বডো মানুহৰে অধিকাৰ আছে তেনে নহয় ৷ বিটি চি অঞ্চলত সকলোৰে সমধিকাৰ আছে বুলিও তেওঁ মন্তব্য কৰে ৷ পুৰুষসকলে মহিলাসকলক কেতিয়াও অত্যাচাৰ কৰিব নালাগে বুলি মন্তব্য কৰাৰ লগতে মহিলাক অত্যাচাৰ কৰিলে পাপ হয় বুলি ব্যক্ত কৰে৷ সভাৰ পূর্বে নাৰী দিৱসৰ পতাকা উত্তোলন কৰে সদৌ বডো ৱমেন ফেডাৰেচনৰ কেন্দ্রীয় সমিতিৰ সভানেত্রী বিভাৰাণী নার্জাৰীয়ে৷ শ্বহীদ বেদীত পুষ্পাঞ্জলি অর্পণ কৰে বিটিচিৰ ই এম অনচুমৈ খুংগুৰ বডো, বিধায়ক মনেশ্বৰ ব্রহ্ম, থানেশ্বৰ বডো, ই এম বিজিত গৌৰা নার্জাৰী আৰু অন্যান্য ভালেকইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে ৷

You might also like