নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ CAAৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্ৱপূৰ্ণ নিৰ্দেশনা। ২২জানুৱাৰী পৰ্যন্ত কাৰ্যকৰী নহ’ব CAA। এই সন্দৰ্ভত ২২ জানুৱাৰীত হ’ৱ পৰৱৰ্তী শুনানি। আনহাতে তৃতীয় দিনাও অব্যাহত আছে আছুৰ গণ সত্যাগ্ৰহ। CAAৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে অসমৰ পৰিস্থিতি সন্দৰ্ভত আমাৰ অধিবক্তাই ন্যায়ালয়ক জনাইছিল গতিকে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰাCAA কিয় বাতিল নহ’ব তাৰ ব্যাখ্যা বিচাৰিছে । আমাৰ বিশ্বাস আছে এই আইন বাতিল হ’বই। আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে এয়া অসমৰ জনগণৰ গণসংগ্ৰামৰ নৈতিক জয়, ন্যায়ালয়ে অসমবাসীৰ মৰ্মবেদনা বুজি পাইছে, আৰু সভাপতি দীপাংক নাথে কয় উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে। জনতাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ে ৰায় দিব বুলি আমাৰ বিশ্বাস।
Next Post
You might also like