নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অবৈধ গৰ্ভপাত চক্ৰ উৎখাত, নাৰ্ছক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৪ জুলাই : ধুবুৰী আৰক্ষীৰ এটা দলে যোৱানিশা চলোৱা এক বিশেষ অভিযানত অবৈধভাৱে গৰ্ভপাতৰ বেহাৰ সৈতে জড়িত এটা চক্ৰ উৎখাত কৰাৰ লগতে এগৰাকী জিএনএম নাৰ্ছক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। লগতে পত্নীৰ অবৈধ গৰ্ভপাত কেন্দ্ৰৰ সৈতে জড়িত থকাৰ সন্দেহত চৰকাৰী বিদ্যালয় এখনৰ টিউটৰ শিক্ষক তথা ধৃত নাৰ্ছগৰাকীৰ স্বামীকো সোধা-পোছাৰ বাবে আটক কৰে।

জানিব পৰা মতে, অবৈধ গৰ্ভপাত সম্পৰ্কীয় এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ অনুসন্ধান চলি থকাৰ সময়ত বিষয়টো সন্দৰ্ভত এগৰাকী ভুক্তভোগী মহিলাৰ স্বামীয়ে ধুবুৰী সদৰ থানাত লিখিত অভিযোগ দাখিল কৰিছিল। সেই অভিযোগৰ ভিত্তিত যোৱানিশা ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) ডাঃ অনুপ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)-ৰ অধীনত কৰ্মৰত এগৰাকী জিএনএম নাৰ্ছৰ ধুবুৰী থানাৰ অন্তৰ্গত ঝাগৰাৰপাৰৰ ৰৌৱা দ্বিতীয় খণ্ড গাঁৱৰ গৃহত এক অভিযান চলায়।

অভিযান কালত আৰক্ষীয়ে গৰ্ভপাতৰ অস্ত্ৰোপচাৰৰ বাবে ব্যৱহাৰ হোৱা বিভিন্ন চিকিৎসা সঁজুলি, ঔষধ, ছিৰিঞ্জ আদি উদ্ধাৰ কৰে আৰু নাৰ্ছগৰাকীয়ে অস্বাস্থ্যকৰ পৰিৱেশত এক অবৈধ অস্ত্ৰোপচাৰ কেন্দ্ৰ স্থাপন কৰাৰ বিষয়টো উন্মোচিত হয়। লগে লগে যোৱানিশাই আৰক্ষীয়ে নাৰ্ছগৰাকীক গ্ৰেপ্তাৰ কৰে।

আনহাতে, পত্নীৰ অবৈধ গৰ্ভপাতৰ বেহাৰ সৈতে জড়িত থকাৰ সন্দেহে আটক কৰা নাৰ্ছগৰাকীৰ স্বামীক আৰক্ষীয়ে সোধা-পোছা চলাই থকা বুলি প্ৰকাশ। স্বামীগৰাকী চৰকাৰী বিদ্যালয় এখনৰ টিউটৰ শিক্ষক।

জানিব পৰা মতে, এই অবৈধ গৰ্ভপাতৰ চক্ৰটোৰ সৈতে আন কেইবাগৰাকীও জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে আৰু বিষয়টোক লৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।

You might also like