চন্দ্ৰপুৰত নিয়মীয়া বাৰ্তা কাকতৰ টোপোলা চুৰি
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰত জনপ্ৰিয় দৈনিকবাতৰি কাকত “নিয়মীয়া বাৰ্তা”ৰ টোপোলা চুৰি হৈছে। আজি পুৱা সংঘটিত হয় এই চুৰি কাণ্ড।
উল্লেখ্য যে দৈনন্দিনৰ দৰে আজিও পুৱা ৫ বজাৰ পূৰ্বে কাৰ্য্যালয়ৰ বাহনেৰে আহি চন্দ্ৰপুৰ হাইস্কুল তিনিআলিস্থিত বিতৰকৰ দোকানৰ সন্মুখত কাকতখনৰ টোপোলা থৈছিল কৰ্মচাৰীয়ে।
কিছু মুহূৰ্তৰ ভিতৰতে কাকতৰ টোপোলাটো তাৰ পৰা নোহোৱা হয়। বিতৰকগৰাকীয়ে বিভিন্ন স্থানত বিচাৰি কোনো শুংসূত্ৰ নাপাই কোনো দুৰ্বৃত্তই চুৰি কৰি নিয়াটো নিশ্চিত হয়। কাকতৰ টোপোলা চুৰি কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।
মহানগৰ বাৰ্তা, নাৰেঙ্গী, ১৪ জুলাই