নিয়মীয়া বাৰ্তা,৯ ফেব্ৰুৱাৰীঃ নগাঁৱৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত শনিবাৰে আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রসিদ্ধ সাহিত্যিক–সাংবাদিক হোমেন বৰগোহাঞি আৰু গণশিল্পী সূর্য দাসক শ্বহীদ কৰম সিংহ জনমভূমি বঁটা প্রদান কৰা হয় ৷ বঁটা গ্রহণ কৰি বিশিষ্ট কথাশিল্পী, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি হোমেন বৰগোহাঞিয়ে ভাষণৰ আৰম্ভণিতে কয়– যিজন শ্বহীদৰ নামত এই বঁটা প্রদান কৰা হৈছে, তেওঁৰ পৱিত্র স্মৃতিত শ্রদ্ধাঞ্জলি নিবেদন কৰিছোঁ ৷ নগাঁৱৰ বৰকলা গাঁৱৰ যিসকল লোকে জাতিৰ কাৰণে প্রাণ আহুতি দিছে, তেওঁলোককো শ্রদ্ধা সহকাৰে স্মৰণ কৰিছোঁ ৷ প্রথিতযশা সাহিত্যিক বৰগোহাঞিয়ে অসমীয়া শিখসকলৰ গুণ–গৰিমাৰ প্রসংগ উল্লেখ কৰি কয়– অকল বৰকলা গাঁৱতেই নহয়, যিখিনি অসমীয়া শিখ মানুহ আছে, তেওঁলোক অসমলৈ আহি অসমীয়া হোৱা আজি দুশ বছৰমানেই হ’ল ৷ অসমীয়া শিখ –এই শব্দটো মনত পৰা দিনৰ পৰাই শুনি আহিছোঁ ৷ অসমৰ বিচিত্র জাতি–উপজাতিয়ে মিলি বৃহৎ অসমীয়া জাতি গঢ়ি তুলিছে ৷ তেওঁলোকৰ ভিতৰৰ অসমীয়া শিখ সম্প্রদায় কেৱল অন্যতম নহয়, তেওঁলোক নিজৰ মৌলিক বৈশিষ্ট্যৰে বেলেগ ধৰণে উজলি আছে ৷ কবিসকল এটা জাতিৰ বা এখন সমাজৰ আটাইতকৈ মহৎ আৱেগৰ প্রতীক বুলি মন্তব্য কৰি বৰগোহাঞিয়ে অসমীয়া শিখসকলৰ পৰাক্রম আৰু দেশভক্তিৰ ওপৰত তাহানিৰে কবি শৈলধৰ ৰাজখোৱাই লিখা এটা কবিতাৰ কেইটামান পংক্তি আওৰায় ৷ বিশিষ্ট কবি–সাহিত্যিক নন্দ সিং বৰকলাই নিজৰ গাঁওখনৰ বিকাশৰ এক সপোন বুকুত লৈ ঘূৰি ফুৰাৰ কথা উল্লেখ কৰি হোমেন বৰগোহাঞিয়ে কয়– মানুহৰ সভ্যতা–সংস্কৃতি আগবাঢ়িবৰ বাবে দুটা পন্থা আছে ৷ এটা হ’ল সহযোগিতা আৰু আনটো হ’ল প্রতিযোগিতা ৷ প্রতিভাৰ বিকাশৰ কাৰণে সমাজ বা ৰাষ্ট্রই, লগৰীয়া বা আন মানুহে সহযোগিতা আগবঢ়াব লাগিব ৷ কেৱল সহযোগিতাৰে কোনো ব্যক্তি, সমাজে উন্নতি কৰাৰ উদাহৰণ নাই ৷ তাৰ লগে লগে লাগিব নিজৰ ব্যক্তিত্ব ৷ ব্যক্তিজনৰ নিজৰ প্রতিভা বিকাশৰ বাবে লাগিব আকাংক্ষা ৷ অসমৰ চাৰে তিনি কোটি মানুহৰ ভিতৰত অসমত বোধহয় সাত–আঠ হাজাৰ অসমীয়া শিখ আছে ৷ বর্তমান দহ হাজাৰ হৈছেগৈ ৷ এইটো এটা অতি ক্ষুদ্র জনগোষ্ঠী ৷ সংখ্যাৰে ক্ষুদ্র হ’লেই যে এটা সম্প্রদায় ক্ষুদ্র হ’ব, তাৰ কোনো অর্থ নাই ৷
ইহুদীসকলৰ প্রসংগ উল্লেখ কৰি বৰগোহাঞিয়ে কয়– দুহাজাৰ বছৰ ধৰি ইহুদীসকল সমগ্র পৃথিৱীত ছেদেলি–ভেদেলি হৈ ঘূৰি ফুৰি অৱশেষত ১৯৪৮ চনত নিজৰ এখন ৰাষ্ট্র পালে৷ সেয়া হ’ল ইজৰাইল৷ মই পোৱা হিচাপ মতে আগতে ইহুদী আছিল ষাঠী লাখ, এতিয়া আশী লাখমান হ’ব ৷ ইজৰাইলক চাৰিওফালে চক্রবেহুৰ দৰে ত্রিশ কোটি আৰব মানুহে আগুৰি আছে ৷ এতিয়া আৰব মানুহৰ সংখ্যা চল্লিশ কোটি হ’ব৷ এতিয়া চল্লিশ কোটি মানুহৰ বিৰুদ্ধে আশী লাখ ইজৰাইলী মানুহে যুঁজ দি সকলো ঠাইতে টিকি থকাই নহয়, শীর্ষস্থানীয় শক্তি ৰূপে পৰিগণিত হৈছে ৷ ইজৰাইল ৰাষ্ট্র গঠনৰ আৰম্ভ হোৱাৰ আগতেও সমগ্র পৃথিৱীৰ সভ্যতাক নেতৃত্ব দিছিল এই ইজৰাইলীসকলে৷ যিটো সমাজৰ পৰা এলবার্ট আইনষ্টাইনৰ দৰে মনীষী ওলাই আহিছিল, যিকেইজনে আধুনিক বিশ্বক গভীৰতমভাৱে প্রভাৱ বিস্তাৰ কৰিছিল ৷ ইহুদীসকলৰ প্রতিভাৰ সন্দেহ নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় – দুশ বছৰ ধৰি ইহুদীসকলে বুকুৰ মাজত এটা সপোন লৈ ঘূৰি ফুৰিছিল ৷ সেই সপোনক দিঠকত পৰিণত কৰিবলৈ যিটো বজ্রকঠোৰ সংকল্প লাগে, সেই সংকল্প তেওঁলোকে বুকুত লৈ ফুৰিছিল ৷ সেইভাৱেই মাত্র আশী লাখ ইহুদীয়ে চল্লিশ কোটি আৰব মানুহৰ বিৰুদ্ধে যুঁজ দি সগৌৰৱে টিকি থাকিব পাৰিছে ৷ আজি প্রায় দুশ বছৰ আগতে পাঁচশ শিখ অসমলৈ আহিছিল ৷ সেয়া এতিয়া বাঢ়ি বাঢ়ি গৈ দহ হাজাৰমান হৈছেগৈ ৷ পঞ্জাবৰ শিখসকলৰ যিটো বীর্য, চৰিত্র শক্তি, সেইটো তেওঁলোকে বহন কৰিছে ৷ তাৰ লগতে যোগ হৈছে অসমৰ সুষমা, কোমলতা ৷ এই জনগোষ্ঠীটোক উন্নত কৰিবলৈ, আধুনিক জগতৰ উপযোগী কৰি তুলিবলৈ বৃহত্তৰ অসমীয়া সমাজখনে সহযোগিতা কৰিব লাগিব ৷ কোনোৱে সহায় কৰিলে কেনেকৈ আদায় কৰিব লাগিব, সেইটো তেওঁলোকে জানিব লাগিব ৷ মই এইটো কথা ক’ব বিচাৰোঁ যে একমাত্র উন্নতিৰ স্বপ্ন যদি নিজৰ ভিতৰত নাথাকে, সাধনা নাথাকে, তেন্তে কেৱল বাহিৰা শক্তিৰে পৃথিৱীত কোনো ডাঙৰ হ’ব নোৱাৰে ৷ অসমীয়া শিখসকলক প্রতিযোগিতাৰ মনোভাবেৰে আৰু উন্নতিৰ সংকল্পৰে আগবাঢ়ি আহিবলৈ আহ্বান জনাই তেওঁ কয়– সাম্প্রতিক সময়ত শিখ সম্প্রদায়ৰ নৱপ্রজন্মৰ মাজত নিজৰ পৰিচয় আৰু সাজপাৰৰ প্রতি গুৰুত্ব কমি আহিছে৷ কিন্তু কানাডাৰ লগতে বিশ্বৰ ভিন্ন প্রান্তত থকা শিখসকলে নিজৰ জাতীয় পৰিচয়, সংস্কৃতি, সাজপাৰ আদি পৰিধানৰ ক্ষেত্রত পাহৰি যোৱা নাই ৷
আন এগৰাকী বঁটাপ্রাপক গণশিল্পী সূর্য দাসে কয়– অসমীয়া মানুহে কাকো স্বীকৃতি দিব নাজানে ৷ শ্বহীদসকলক লৈ চৰকাৰে ৰাজনীতি কৰিছে ৷ অসমৰ সাম্প্রতিক পৰিস্থিতিৰ কথা উল্লেখ কৰি দাসে কয়– অসমীয়া মানুহক বিপ্লৱ কৰিবলৈ কোনোবাই একুৰা জুই লগাই দিছে ৷ অসমখনক ভাৰত ৰাষ্ট্রযন্ত্রই চুহি চুহি খাইছে ৷ ভাৰত ৰাষ্ট্রৰ বিৰুদ্ধে আমি শক্তিশালী যুঁজ দিব লাগিব ৷ বিপ্লৱ হ’লে বিস্ফোৰণ হ’ব লাগিব বুলি তেওঁ গুৰুত্বপূর্ণ মন্তব্য কৰে ৷ আজিৰ এই অনুষ্ঠানত বিশিষ্ট গৱেষক পণ্ডিত ড০ নৰেন কলিতা, শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ কন্দর্প কুমাৰ ডেকাই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে ৷ কবিতা দাস সিঙে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে ৷ শিশু শিল্পী নাতাচা সিং সুগন্ধিৰ নৃত্যৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণী ভাষণ প্রদান কৰে শ্বহীদ কৰম সিং ন্যাসৰ উপদেষ্টা ড০ নন্দ সিং বৰকলাই ৷ অনুষ্ঠানত ন্যাসৰ সভাপতি জগদীশ সিং ৰিজুৱেও অংশগ্রহণ কৰে ৷ উল্লেখ্য যে ডিব্রুগড জিলাৰ দুলীয়াজানৰ শ্বহীদ কৰম সিংহ ন্যাসে কথাশিল্পী হোমেন বৰগোহাঞি আৰু গণশিল্পী সূর্য দাসক এই বঁটা প্রদান কৰে ৷ এই বঁটাত আছে চেলেং, শৰাই, স্মাৰক, অভিনন্দন–পত্র, অংগবস্ত্র আৰু পঞ্চাশ হাজাৰকৈ নগদ ধন ৷