নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ ‘১৯৭২ চনৰ পৰাই প্রতিখন চৰকাৰে উন্নয়নৰ ক্ষেত্রত গাৰোসকলক বঞ্চিত কৰি অহাৰ লগতে মাহীআইৰ দৃষ্টিৰে চাই আহিছে ৷’ – মঙলবাৰে গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে সংযুক্ত গাৰো স্বায়ত্তশাসিত পৰিষদ দাবী কমিটীৰ সভাপতি এলেক্স কে চাংমাই ৷ তেওঁ আৰু কয় যে চৰকাৰে সকলোৰে বাবে চিন্তা কৰিছে যদিও গাৰোসকলৰ কথা ভবা নাই ৷ চৰকাৰে কমতাপুৰকে ধৰি মটক, মৰাণ, চুতীয়া আদি স্বায়ত্তশাসিত পৰিষদ গঠনৰ ঘোষণা কৰে যদিও অসমৰ গাৰোসকলৰ দীর্ঘদিনীয়া দাবীৰ প্রতি কোনো সঁহাৰি নিদিয়াত সংযুক্ত গাৰো স্বায়ত্তশাসিত পৰিষদ দাবী কমিটীয়ে তীব্র ক্ষোভ প্রকাশ কৰে ৷
উল্লেখ্য যে ১৯১৩ চনৰ পৰাই গাৰো জনগোষ্ঠীৰ লোকসকলে অসমৰ বিভিন্ন প্রান্তত বসবাস কৰা অঞ্চল সামৰি উপগ্রহীয় পদ্ধতিৰে গাৰো স্বায়ত্তশাসিত পৰিষদৰ দাবী জনাই আহিছে ৷ কিন্তু কংগ্রেছ অথবা বিজেপি কোনো এখন চৰকাৰেই আর্থিক, সামাজিক তথা সর্বদিশতে অনগ্রসৰ গাৰো জনগোষ্ঠীৰ লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্রত কোনো ধৰণৰ গুৰুত্ব প্রদান নকৰা বুলি সংযুক্ত গাৰো স্বায়ত্তশাসিত পৰিষদ দাবী কমিটীৰ সভাপতি এলেক্স কে চাংমাই এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷
অসমৰ বিভিন্ন প্রান্তত বসবাস কৰা গাৰো জনগোষ্ঠীয় লোকৰ সংখ্যা ৬.৫ লক্ষাধিক হ’ব ৷ ইপিনে, ৰাজ্যখনৰ বিভিন্ন সমষ্টিত থকা গাৰো জনগোষ্ঠীয় লোকৰ ভোটাৰৰ সংখ্যা হ’ল ৪.৫ লক্ষাধিক বুলি সদৰী কৰে এলেক্স কে চাংমাই ৷ শেহতীয়াকৈ চৰকাৰে কমতাপুৰ, মটক, মৰাণ, চুতীয়া আদি স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰাটোক এলেক্স কে চাংমাই আদৰণি জনায় ৷ কিন্তু তেওঁ তীব্র ক্ষোভ প্রকাশ কৰি কয় যে উল্লিখিত স্বায়ত্তশাসিত পৰিষদসমূহ কোনা ধৰণৰ জৰীপ নকৰাকৈয়ে সহজেই ঘোষণা কৰা হ’ল যদিও অসমৰ বৃহত্তৰ জনগোষ্ঠী গাৰোসকলক চৰকাৰে বাৰে বাৰে বঞ্চিত কৰি আহিছে ৷
সেয়েহে উপগ্রহীয় পদ্ধতিৰে গাৰো স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰাৰ দাবীত অহা ৬ জানুৱাৰীত গোৱালপাৰা জিলাৰ দুধনৈত বিশাল প্রতিবাদী সমদল উলিয়াব বুলি সংবাদ মেলত ঘোষণা কৰে এলেক্স কে চাংমাই ৷ তাৰ পাছতো যদি চৰকাৰৰ গা নলৰে, তেন্তে তীব্র প্রতিবাদী কার্যসূচীৰে গাৰো জনগোষ্ঠীয় লোকসকল ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে ৷