উপ–নির্বাচনত ৰাইজৰ দলক ভোট দিলে থাওৰাত চলিব ছিণ্ডিকেটৰাজ
নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ অখিল গগৈয়ে আন্দোলন কেৱল বুজাবুজিৰ বাবেহে কৰে৷ থাওৰা উপ–নির্বাচনত ৰাইজৰ দলক ভোট দিলে সমষ্টিত ছিণ্ডিকেটৰাজ চলিব৷ ৰাইজৰ দলত থকা নেতাসকল ভুৱা আৰু ভণ্ড৷ ছিণ্ডিকেট অসম চৰকাৰে নহয়, ৰাইজৰ দলৰ নেতাইহে চলাই আছে৷ –এই অভিযোগ প্রাক্তন কৃষক নেতা অনুপম বৰুৱা আৰু ধমেন্দ্র বৰাৰ৷
শনিবাৰে ডিমৌ প্রেছ ক্লাবৰ প্রেক্ষাগৃহত সাংবাদিকসকলক সম্বোধন কৰি প্রাক্তন কৃষক নেতা অনুপম বৰুৱা আৰু ধমেন্দ্র বৰাই কয় যে আমাৰ একালৰ সতীর্থ অখিল গগৈয়ে কেৱল আন্দোলন কৰিব জানে৷ এই আন্দোলন কেৱল বুজাবুজি কৰিবৰ বাবে৷ থাওৰা সমষ্টিৰ ভূমিহীন দৰিদ্র লোকক মাটিৰ পট্টা দিয়াৰ নামত ২০১৩–১৪ বর্ষত অখিল গগৈ নেতৃত্বাধীন কৃষক মুক্তি সংগ্রাম সমিতিয়ে একোখনকৈ প্র–পত্রৰ বিনিময়ত ১৫০ টকাকৈ থাওৰা সমষ্টিৰ পৰা মুঠ দহ লাখ টকা সংগ্রহ কৰা সত্ত্বেও আজিও ভূমিপট্টা নাপালে থাওৰা সমষ্টিৰ খাটিখোৱা কৃষকে৷ এয়া এজন কৃষক নেতা হৈ কৃষকৰ প্রতি চূডান্ত বিশ্বাসঘাতকতা কৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিৰ প্রাক্তন বকতা আঞ্চলিকৰ নেতা অনুপম বৰুৱাই৷
তেওঁ কয় যে কৃষক মুক্তি সংগ্রাম সমিতিৰ গর্ভত জন্মলাভ কৰা তথা সত্তৰ জাতীয় সংগঠনৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দলক থাওৰা সমষ্টি কোনো কাৰণত চমজাব নোৱাৰি৷ থাওৰা সমষ্টি যদি অখিল গগৈ বাহিনীৰ নেতৃত্বাধীন ৰাইজৰ দললৈ যায় তেন্তে ছিণ্ডিকেট আৰু দুর্নীতিৰে ভৰি পৰিব৷ অখিল গগৈ এজন ভণ্ড নেতা আৰু তেওঁৰ নেতৃত্বত থকা ৰাইজৰ দল একাংশ ভুৱা নেতাৰে ভৰি আছে৷ অখিল গগৈয়ে বিজেপি চৰকাৰে ছিণ্ডিকেট চলাই থকাৰ কথা কয়, কিন্তু নিজে নিজে ছিণ্ডিকেটক সাৰ–পানী যোগাইছে৷
অনুপম বৰুৱাই দাবী কৰা মতে, অখিল গগৈৰ নির্দেশত ২০১৩–১৪ বর্ষত অ’ এন জি চিৰ নাজিৰা কার্যালয়ৰ সন্মুখত শিৱসাগৰ জিলাত এশ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবীত এশ কোটি টকাৰ পেকেজ দাবী কৰে৷ কিন্তু পিছলৈ অ’ এন জি চিৰ প্রবন্ধকৰ লগত কৃষক মুক্তিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক বেদান্ত লস্কৰ আৰু জিলা সাধাৰণ সম্পাদক লোচন শ্যাম গোহঁাই নামৰ দুই নেতাই দুশ কোটি টকাৰ এক গোপন বুজাবুজিৰে এই আন্দোলন সিমানতে স্তব্ধ কৰে৷ আনহাতে ২০১৪–১৫ বর্ষত মৰাণ জলসিঞ্চন বিভাগৰ প্রায় ত্রিশ লাখ টকাৰ দুর্নীতিৰ তথ্য ফাদিল হোৱাৰ পাছত যোৰহাটৰ ফুলপানীছিগাৰ এজন বিষয়াৰ সৈতে অখিল গগৈ আৰু বেদান্ত লস্কৰে গোচৰ ৰুজু কৰি বৃহৎ ধনৰ লেনদেন কৰাত বিষয়টো বর্তমান ফুটুকাৰ ফেন হয়৷
অনুপম বৰুৱাই লগতে সোণাৰি টাউনৰ অবৈধ শিলৰ মিলৰ ওপৰত কৃষক মুক্তিৰ আৰন্ধা নামৰ এজন ব্যক্তিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে তথ্য পোহৰলৈ অনাৰ পাছত জিলা সাধাৰণ সম্পাদক লোচন শ্যাম গোহঁায়ে দুই লাখ টকাৰ এক গোপন বুজাবুজি কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ২০১৪–১৫ বর্ষত ডিমৌ জলসিঞ্চন বিভাগৰ পৰা বেদান্ত লস্কৰে পঞ্চাশ হাজাৰ টকা লৈ সমগ্র দুর্নীতি গাপ দিয়ে৷
ইয়াৰ উপৰি সোণাৰি টাউনৰ দুকঠা চৰকাৰী মাটি কৃষক মুক্তিৰ নামত কৰাৰ লগতে এই মাটি পাছৰ পর্যায়ত কি পর্যায়ত আছে, সেয়া সন্দেহৰ আৱর্তত৷ তদুপৰি ৰাঙলীৰ চলা ৰিজার্ভত ফুকন উপাধিৰ এজন ঠিকাদাৰে পাইপ লাইনৰ কাম চলাই থকাত সেই কাম কৃষক মুক্তিয়ে বন্ধ কৰি পিছলৈ বৃহৎ পৰিমাণৰ ধনৰ বুজাবুজি কৰি পুনৰ কৰিবলৈ এৰি দিয়াৰ কথাও সংবাদ মেলত ব্যক্ত কৰে অনুপম বৰুৱাই৷ সংবাদ মেলত কৃষক মুক্তি সংগ্রাম সমিতিৰ শিৱসাগৰ জিলাৰ প্রাক্তন সহঃ সম্পাদক ধর্মেন্দ্র বৰাই আন বহুকেইটা দুর্নীতিৰ বিষয়ে অৱগত কৰে৷ ধর্মেন্দ্র বৰাই কয় যে অখিল গগৈয়ে কেৱল দুখীয়া মানুহক লৈ ৰাজনীতি কৰাৰ লগতে ছিণ্ডিকেটৰাজ চলাইছে৷
শেহতীয়াকৈ অখিল গগৈয়ে ৰাজনীতিৰ পথাৰলৈ আহি বিধায়ক, মন্ত্রী, মুখ্যমন্ত্রী হোৱাৰ সপোন দেখিছে৷ কৃষক মুক্তি সংগ্রাম সমিতিত থকাৰ সময়ত আন্দোলন কৰোঁতে মোৰ বিৰুদ্ধে ২৮টা গোচৰ ৰুজু হোৱাৰ লগতে অনুপম বৰুৱাৰ ১৬টা গোচৰ ৰুজু হোৱাৰ সমান্তৰালভাৱে আন বহু নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল৷ কিন্তু অখিল গগৈয়ে আজিলৈকে আমাৰ কোনো খবৰ নল’লে৷ দুখীয়া–নিছলা মানুহৰ উন্নয়নৰ স্বার্থত আন্দোলন কৰাৰ নামত কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈ আৰু একাংশই সদায়ে আন্দোলনৰ পাছত বুূজাবুজি চুক্তিৰে মুনাফা আহৰণ কৰি আহিছে৷ এই কৃষক মুক্তি সংগ্রাম সমিতিৰ ঔৰসত জন্ম লাভ কৰা ৰাইজৰ দলটো এসোপামান দুর্নীতিপৰায়ণ, ঠগবাজ নেতা জডিত হৈ আছে৷ ৰাইজৰ দলৰ প্রার্থীক ভোটদান কৰা মানেই ভণ্ড, দালাল চক্রক ভোটদান কৰা বুলি অভিহিত কৰি সংবাদ মেলখনত দুই প্রাক্তন কৃষক মুক্তিৰ নেতা ধমেন্দ্র বৰা আৰু অনুপম বৰুৱাই থাওৰাবাসী ৰাইজক কোনো কাৰণতে সমাগত উপ–নির্বাচনত ৰাইজৰ দলৰ নেতা আৰু প্রার্থীক প্রশ্রয় নিদিবলৈ আহ্বান জনাই সমষ্টিটো ৰক্ষা কৰিবলৈ থাওৰাবাসীক আহ্বান জনায়৷
এই সংবাদ মেলত উপস্থিত থাকে কৃষক মুক্তিৰ আন দুজন প্রাক্তন নেতা বকতা আঞ্চলিকৰ বিত্ত সম্পাদক গোপাল বডা, কার্যকৰী সদস্য ভদ্র বৰুৱা৷ উল্লেখ্য যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে থাওৰা সমষ্টিত এটা পষেক ধৰি বাহৰ পাতি ৰাইজৰ দলৰ প্রার্থী ধৈর্য কোঁৱৰক ভোটদান কৰিবলৈ আহ্বান জনোৱাৰ সময়তে সংগঠনটোৰ প্রাক্তন নেতাই ৰাইজৰ দলক কোনো কাৰণত ভোটদান নকৰিবলৈ জনোৱা আহ্বানে যথেষ্ট তাৎপর্য বহন কৰিছে৷