নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উঃ মাঃ চূড়ান্ত বর্ষঃ ১ অক্টোবৰৰ পৰা বিশেষ পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ অহা ১ অক্টোবৰৰ পৰা চলিত বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব৷ সম্পূর্ণ ক’ভিড প্রট’কল অনুসৰি এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রকাশ কৰা সময়সূচী অনুসৰি অহা ১১ নৱেম্বৰত এই বিশেষ পৰীক্ষাৰ সামৰণি পৰিব৷

উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ বাবে এই বছৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা শিক্ষা সংসদে অনুষ্ঠিত কৰিব নোৱাৰিলে৷ বিশেষ মূল্যাংকন ব্যৱস্থাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল৷ সেই ফলাফলত অসন্তুষ্টি ছাত্র–ছাত্রীসকলে এই বিশেষ পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷

You might also like