নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ নিতাল পৰিব চানডুবি ! বাতিল হ’ল চানডুবি উৎসৱ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ অসমৰ অন্যতম পর্যটনক্ষেত্র চানডুবি বিলৰ সেউজ উপত্যকাত পহিলা জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া চানডুবি উৎসৱৰ সমূহ কার্যসূচী বাতিল কৰিছে৷

সম্প্রতি সমগ্র ৰাজ্যজুৰি নাগৰিকত্ব আইনৰ বিৰুদ্ধে গণসংগ্রাম অব্যাহত থকাৰ পৰিপ্রেক্ষিতত ২০২০ বর্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া উৎসৱ বাতিল কৰা বুলি চানডুবিত আয়োজিত এখন সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে উৎসৱ উদ্যাপন সমিতিয়ে৷

২০২০ বর্ষৰ পহিলা জানুৱাৰীৰ পুৱা উৎসৱথলীত পতাকা উত্তোলনৰ বাহিৰে এই বছৰৰ চানডুবি উৎসৱৰ সকলো কার্যসূচী বাতিল কৰা বুলি জনায়৷

দক্ষিণ কামৰূপৰ ৰাভা হাছং এলেকাৰ অসম–মেঘালয় সীমান্তৱর্তী ৰাজাপাৰাত অৱস্থিত ঐতিহাসিক বিলখনৰ অনুপম জৈৱ–বৈচিত্র্যৰ সংৰক্ষণ তথা উল্লেখনীয় পর্যটনক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্রয়াসেৰে স্থানীয় ৰাভা জাতীয় সংগঠনে ৰাইজৰ সহযোগত চানডুবি উৎসৱৰ আয়োজন কৰি আহিছে৷ বিগত বর্ষবোৰৰ দৰে এইবেলিও বিলখনৰ সেউজ পৰিৱেশৰ মাজত পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কার্যসূচীৰে দশম বার্ষিক উক্ত উৎসৱ অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে প্রস্তুতি প্রায় শেষ কৰিছিল৷ কিন্তু ৰাজ্যৰ ‘কা’বিৰোধী গণসংগ্রামৰ প্রতি সমর্থন তথা সন্মান জনাই উৎসৱটি বাতিল কৰা বুলি তেওঁলোকে উল্লেখ কৰে৷

You might also like