নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিঃ সেৱাকেন্দ্র ভিত্তিত যুগুতাইছে তালিকা

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ যোৱা বছৰ ৩১ আগষ্টত প্রকাশিত চূড়ান্ত এন আৰ চিখন চৰকাৰে গ্রহণ কৰা–নকৰাক লৈ বিতর্ক, বিভিন্ন মহলত নানান প্রশ্নৰ উদ্রেক ঘটাৰ সময়তে জিলাই জিলাই আৰম্ভ হৈছে এন আৰ চিক লৈ আন এক তৎপৰতা৷

ইতিমধ্যে বিভিন্ন জিলাত এন আৰ চিত আবেদন কৰাৰ সময়ত কোনে কি কি নথি দাখিল কৰিছিল সেই তালিকা যুগুতোৱাৰ প্রক্রিয়া চলিছে৷ সেৱাকেন্দ্র ভিত্তিত সেই তালিকা যুগুটোৱা হৈছে৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কার্যালয়ৰ পৰা লাভ কৰা নির্দেশনাৰ ভিত্তিত সম্প্রতি এই কাম চলিছে৷

জানিব পৰা মতে, প্রয়োজনত সেই নথিসমূহৰ সত্যাসত্য যাতে সংশ্লিষ্ট বিভাগৰ সৈতে পুনৰ যোগাযোগ কৰি নিৰূপণ কৰিব পাৰে, তাৰ বাবেই এই পদক্ষেপ গ্রহণ কৰিছে৷ এন আৰ চি কর্তৃপক্ষৰ এই পদক্ষেপে স্বাভাৱিকতে যোৱাবছৰ প্রকাশিত চূড়ান্ত এন আৰ চিখন পুনৰীক্ষণ হোৱাৰ সম্ভাৱনাকেই প্রকট কৰি তুলিছে৷

মন কৰিবলগীয়া এয়ে যে যোৱাবছৰ আগষ্ট মাহত প্রকাশিত চূড়ান্ত এন আৰ চিত বহু বাংলাদেশী লোকৰ নাম সন্নিৱিষ্ট হোৱা বুলি বিজেপি দল–চৰকাৰৰ লগতে এ পি ডব্লিউ–এ অভিযোগ কৰি আহিছে৷ কোনো পৰিস্থিতিতে তেওঁলোকে সেইখন এন আৰ চি গ্রহণ নকৰে বুলি স্পষ্ট কৰি দিছে৷

ইয়াৰ বিপৰীতে সমগ্র দেশত এন আৰ চিৰ কাম আৰম্ভ হ’লে অসমতো একেই আর্হিত এন আৰ চিৰ কাম নতুনকৈ আৰম্ভ কৰাৰ দাবী জনায়৷ পিছে শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে সদ্যহতে সমগ্র দেশত এন আৰ চি নকৰাৰ ঘোষণা কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত বিজেপি দল–চৰকাৰে বর্তমানৰ এন আৰ চিখন পুনৰীক্ষণ–সংশোধন ব্যৱস্থা কৰিবলৈ উচ্চতম ন্যায়ালয়ত আর্জি জনোৱাৰ পোষকতা কৰিছে৷

উচ্চতম ন্যায়ালয়ে এই সম্পর্কত নির্দেশ দিলেই লগে লগেই যাতে সেই কাম আৰম্ভ কৰিব পাৰে তাৰ বাবেই আবেদনকাৰীৰ নথিৰ তালিকা যুগুটোৱাৰ প্রক্রিয়া আৰম্ভ কৰা বুলি এন আৰ চিৰ এক সূত্রই জানিবলৈ দিছে৷

You might also like