এনআৰচিৰ ‘পাছৱর্ড’ লৈ চাৰি মাহে অন্তর্ধান হাজেলাৰ ঘনিষ্ঠ যুৱতী কৰ্মচাৰী, পিচে কোন এই যুৱতী !
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তথ্য ৱেবছাইটৰ পৰা অন্তৰ্ধান হোৱাক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে এন আৰ চিৰ সঞ্চালকৰ পৰা গুৰুত্বপূৰ্ণ পাছৱৰ্ড লৈ অন্তৰ্ধান হৈছে এগৰাকী যুৱতী । এন আৰ চিৰ পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত এজুপি বৰুৱা নামৰ এগৰাকী যুৱতী কর্মচাৰী কার্যালয়ৰ গুৰুত্বপূর্ণ তথ্য মজুত থকা তথা ই–মেইলৰ পাছৱর্ড লৈ যোৱা চাৰি মাহে অন্তর্ধান হৈ আছে৷ এন আৰ চিৰ ৱেবছাইটৰ পৰা তথ্য অন্তর্ধান হোৱাৰ খবৰে সমগ্র দেশতে প্রতিক্রিয়া সৃষ্টি কৰাৰ সময়তে এন আৰ চি সঞ্চালকালয়ত ই–মেইলৰ পাছৱর্ড লৈ যুৱতী কর্মচাৰীগৰাকী অন্তর্ধান হোৱা বিষয়টোৱে খলকনি সৃষ্টি কৰিছে৷
এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই জানিবলৈ দিয়া মতে, প্রতীক হাজেলাই যোৱা নৱেম্বৰ মাহত অসমৰ পৰা বিদায় লোৱাৰ পাছতে প্রজেক্ট মেনেজাৰৰ দায়িত্বত থকা এজুপি বৰুৱায়ো এন আৰ চিৰ কামৰ দায়িত্বৰ পৰা হঠাৎ অন্তর্ধান হৈ পৰে৷ প্রতীক হাজেলাৰ কার্যকালত সঞ্চালকালয়ৰ গুৰুত্বপূর্ণ তথা প্রভাৱশালী বিষয়া ৰূপে চিহ্ণিত হৈ থকা এজুপি বৰুৱাক হাজেলাই এন আৰ চিৰ দৰে গুৰুত্বপূর্ণ তথ্য মজুত থকা প্রতিটো কম্পিউটাৰৰ ফাইলৰ পাছৱর্ড প্রদান কৰিছিল৷ আনকি সঞ্চালকালয়ৰ ই–মেইলৰো পাছৱর্ড এজুপি বৰুৱাৰ হাততেই আছিল৷ প্রতীক হাজেলাৰ বিদায়ৰ পাছত চাকৰিৰ পৰা অন্তর্ধান হোৱা এজুপি বৰুৱাই উক্ত পাছৱর্ড নিজৰ লগত লৈ যোৱা হেতু আজিলৈকে অফিচিয়েল ই–মেইল খুলিব পৰা নাই এন আৰ চি সঞ্চালকালয়ে৷ বিষয়টোক লৈ কেইবাবাৰো আৰ জি আই তথা ৰাজ্য চৰকাৰক অৱগত কৰা হৈছে যদিও এজুপি বৰুৱাৰ অন্তর্ধানে সমগ্র বিষয় অকামিলা কৰি ৰাখিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত আজি এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই পল্টনবজাৰ আৰক্ষী থানাত অফিচিয়েল ছিক্রেট এক্ট ১৯২৩ৰ অধীনত এটা গোচৰ ৰুজু কৰে৷
পৰিতাপৰ বিষয়টো হ’ল যে ৰাষ্ট্রীয় সুৰক্ষাৰ লগত জড়িত এন আৰ চিৰ দৰে গুৰুত্বপূর্ণ তথ্য মজুত থকা সঞ্চালকালয়ৰ ই–মেইলৰ পাছৱর্ড লৈ এগৰাকী যুৱতী কর্মচাৰী কি উদ্দেশ্যে অন্তর্ধান হ’ল, তাক লৈ প্রশ্ন উত্থাপন হৈছে৷ যি সময়ত এন আৰ চিৰ প্রক্রিয়া সম্পন্ন কৰাৰ ক্ষেত্রত কোটি কোটি টকাৰ খেলিমেলি কৰা বুলি প্রতীক হাজেলাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল, তেনে সময়তে হাজেলাৰ ঘনিষ্ঠ যুৱতীয়ে পাছৱর্ড লৈ অন্তর্ধান হোৱা ঘটনাই ৰহস্য সৃষ্টি কৰিছে৷