এনএইচপিচিৰ বাহন আবদ্ধ কৰি বগীনদীত আছু–যুৱ ছাত্রৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা, ১৫ জুলাই: জনমতক আওকাণ কৰি গেৰুৱামুখত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প উৎপাদনক্ষম কৰি তুলিবলৈ এন এইচ পি চিয়ে সকলো ধৰণৰ তৎপৰতা অব্যাহত ৰাখিছে৷ দল–সংগঠনৰ ধাৰাবাহিক আন্দোলন এন এইচ পি চিৰ কাৰণে গৌণ, তেওঁলোকৰ বাবে মুখ্য বিষয় হৈ পৰিছে বৃহৎ নদীবান্ধটোৰ কাম সম্পূর্ণ কৰাটোহে৷ এই উদ্দেশ্যেৰে লকডাউন–সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতো এন এইচ পি চিয়ে নিতৌ গেৰুকামুখলৈ কঢ়িয়াই নিছে বৃহৎ যন্ত্রাংশ– ট্রেন্সফ’মাৰ৷ এন এইচ পি চিৰ এনে জনবিৰোধী কার্যৰ বিৰুদ্ধে বগীনদীৰ ৰাজপথ প্রতিবাদী কার্যসূচীৰে উত্তাল কৰি তোলে সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু গোর্খা ছাত্র সন্থাই৷ আজি পুৱা গেৰুকামুখ প্রকল্পলৈ যন্ত্রাংশ কঢ়িওৱা এন এইচ পি চিৰ কেইবাখনো বাহন বগীনদীৰ ঘাগৰৰ পৰা কুঁহিয়াৰবাৰী ৰাজগড় পথেৰে গৈ থকাৰ সময়তে লখিমপুৰ জিলা ছাত্র সন্থা, ধেমাজি জিলা ছাত্র সন্থা, উত্তৰ লখিমপুৰ, কদম, চাউলধোৱা–বগীনদী, গোগামুখ আঞ্চলিক ছাত্র সন্থাৰ লগতে গোর্খা ছাত্র সন্থাৰ লখিমপুৰ জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ লখিমপুৰ জিলা সমিতি আৰু আদিবাসী ছাত্র সন্থাৰ চাউলধোৱা আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজে পথৰ ওপৰত টায়াৰ জ্বলাই উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে এন এইচ পি চিৰ সামগ্রী কঢ়িওৱা বাহন আবদ্ধ কৰি ৰাখে৷ পুৱা ৭ বজাৰ পৰা ১২ বজালৈকে এন এইচ পি চিৰ বাহন আবদ্ধ কৰি ৰখা ছাত্র কর্মী আৰু স্থানীয় ৰাইজে লকডাউনৰ সুযোগ লৈ এনেদৰে গোপনে সামগ্রী কঢ়িওৱা কার্যৰ তীব্র বিৰোধিতা কৰাৰ লগতে নামনি অংশৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিশ্চয়তা প্রদান নকৰাকৈ কোনোপধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণৰ কাম কৰিবলৈ নিদিয়াৰ সংকল্প গ্রহণ কৰে৷
প্রতিবাদী কার্যসূচী চলি থকা সময়তে লখিমপুৰ জিলা প্রশাসনৰ অতিৰিক্ত জিলা উপায়ুক্ত বিপুল কুমাৰ দাস, লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্ত, উপ–আৰক্ষী অধীক্ষক ৰুণা নেওগ, সীমান্ত আৰক্ষীৰ উপ–আৰক্ষী অধীক্ষক ফাৰুখ আহমেদ, কদম ৰাজহ চক্রৰ চক্র বিষয়া গোপাল শর্মা, বগীনদী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া, চাউলধোৱা আৰক্ষী চকীৰ আৰক্ষী বিষয়াকে ধৰি লখিমপুৰ জিলা প্রশাসনৰ এক বিশাল দল গৈ প্রতিবাদস্থলীত উপস্থিত হৈ প্রতিবাদকাৰীসকলক্ প্রতিবাদ এৰি আবদ্ধ কৰি ৰখা এন এইচ পি চিৰ সামগ্রী কঢ়িওৱা বাহনসমূহ এৰি দিবলৈ আহ্বান জনায়৷ কিন্তু প্রতিবাদকাৰীসকলে বাহনসমূহ মোকলাই দিয়াৰ পৰিৱর্তে নিজৰ স্থিতি জিলা প্রশাসনক জনাই দিয়ে৷ পিছে এইবাৰ আৰক্ষী বাহিনীয়ে প্রতিবাদকাৰীসকলৰ্ ওপৰত লাঠীচালনা কৰি এন এইচ পি চিৰ সামগ্রী কঢ়িওৱা বাহনসমূহ মোকলাই দিয়ে৷ এনে পৰিস্থিতিতো ছাত্র সন্থাকে ধৰি অন্য সংগঠনকেইটাই প্রতিবাদেৰে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে৷
অৱশ্যে জিলা প্রশাসনৰ তৰফৰ পৰা অহা শুকুৰবাৰে ছাত্র সংগঠনকেইটাৰ সৈতে বিষয়টোক লৈ আলোচনা অনুষ্ঠিত কৰাৰ আশ্বাস দিয়াত পৰিস্থিতি কিছু পৰিমাণে শাম কাটে৷