নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহ ধৰি চলিব দিল্লী-ডিব্ৰুগড় অভিমুখী ৰে’লঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১২ মেঃ দেশৰ ৰাজধানী দিল্লীৰ পৰা অসমৰ ডিব্ৰুগড়লৈ চলিব ৰে’ল। এসপ্তাহ ধৰি চলিব এই ৰে’লখন। উল্লেখ্য যে এই ৰে’লখন মোগলচৰাই, কানপুৰ, বাৰাউনী, নিউ জলপাইগুৰিকে ধৰি বিভিন্ন ক’ৰোনা আক্ৰান্ত ৰাজ্যৰ মাজেৰে আহিব। এই ঠাইসমূতো নতুন নতুন যাত্ৰী উঠিব আৰু এইসকলৰ প্ৰায়সংখ্যক অসমৰে বাসিন্দা।

বহিঃৰাজ্যত যাতে অসমৰ কোনো লোক আৱদ্ধ হৈ থাকিব নালাগে তাৰ বাবে কেন্দ্ৰই অসমলৈ নিয়মিতভাৱে ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে। বুধবাৰে আহিবলগীয়া ৰে’লখনৰ ৮৮৭জন ডিব্ৰুগড় ষ্টেচনত নামিব। কিন্তু এই লোকসকল ডিব্ৰুগড়ৰেই নহয়। অৰুণাচল চৰকাৰেও বাছেৰে লৈ যাব নিজৰ ৰাজ্যৰ লোকসকলক। লখিমপুৰ, ধেমাজিকে ধৰি বিভিন্ন জিলালৈ যাব এই লোকসকল। সংবাদমেলত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like