নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত শিঙাৰপাৰাৰ যুৱকৰ্মী চিণ্টুমনি ডেকাৰ পাঠ্যপুথি প্ৰদান

নিয়মীয়া বাৰ্তা, ১২ মেঃ  সমগ্ৰ বিশ্বত দেখা দিয়া মহামাৰী ক’ৰোনা প্রতিৰোধ হেতু অসমৰ লগতে দেশৰ সকলো প্ৰান্ততে স্কুল-কলেজ বন্ধ ৰাখিব লগীয়া হৈছে। যাৰ ফলত চলিত বৰ্ষত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত প্রচণ্ড হেঙাৰ আহি পৰিছে। তাৰোপৰি এই মহামাৰী প্রতিৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশখনতে অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ বাহিৰে অন্য সকলো সম্পূৰ্ণ ৰূপে বন্ধ কৰি ৰাখিবলৈ বাধ্য হৈছে। ফলত ছাত্ৰ-ছাত্ৰীয়ে পূর্ব প্ৰস্তুতি মূলক কোনো ধৰণৰ পাঠ্যপুথি সংগ্ৰহৰ ক্ষেত্ৰত হেচা আহি পৰিছে।

পাঠ্যপুথিৰ এই সমস্যাটোৰ তাৎক্ষণিক সমাধানৰ হেতু অসম ছাত্ৰ পৰিষদ নামৰ এটা সংগঠনে এক বিশেষ ব্যৱস্থা হাতত লৈছে। আজি কমলপুৰ সমষ্টিৰ শিঙাৰপাৰাৰ যুবকৰ্মী তথা অসম গণ পৰিষদৰ সক্ৰিয় কৰ্মী চিন্টু মনি ডেকাই দুখীয়া ছাত্ৰ-ছাত্ৰীৰ সহায় হব পৰাকৈ অসম ছাত্ৰ পৰিষদৰ হাতত কেইখনমান পাঠ্যপুথি প্ৰদান কৰে । যুৱ সমাজকৰ্মী জনে অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিৰ দিপজ্যাতি কলিতা আৰু ছাত্ৰ পৰিষদৰ সক্ৰিয় সদস্য দেবাশীষ কলিতাৰ হাতত ২০ খন অতি মূল্যৱান কিতাপ প্ৰদান  কৰা বুলি জানিবলৈ দিয়ে ।

লকদাউনৰ সময়ত যাতে ছাত্ৰ-ছাত্ৰী সকলে কিতাপৰ অভাৱত অধ্যয়নৰ পৰাই আঁতৰি থাকিব লগা নহয় তাৰ উদ্দেশ্যে এই কিতাপ কেইখন  প্ৰদান কৰে শিঙাৰপাৰাৰ চিন্টু মনি ডেকাই।

You might also like