নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰভাৱে মানিব লাগিব ভূমি আইন: পাটোৱাৰী

নিয়মীয়া বাৰ্ত‍া, ১০ জুলাইঃ  ৰাজ্যখনৰ কৃষিভূমি খিলঞ্জীয়া লোকৰ হাতৰ পৰা উদ্যোগী, পুঁজিপতিৰ হাতলৈ যাব বুলি বিভিন্ন মহলে কৰা শংকা, প্রতিবাদৰ পৰিপ্রেক্ষিতত অৱশেষত ৰাজ্য চৰকাৰে সলনি কৰিবলগীয়া হ’ল ইতিমধ্যে গ্রহণ কৰা স্থিতি৷ উল্লেখ্য যে যোৱা ২৯ জুনত অসম ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে ‘অসম ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ (প্রতিষ্ঠা তথা পৰিচালনা সাহায্য) অধ্যাদেশ ২০২০’ত অনুমোদন জনাইছিল৷ নতুন অধ্যাদেশখন অনুসৰি কোনো লোকে সাধাৰণ আবেদন এখন কৰিলেই নিজৰ মাটিত উদ্যোগত স্থাপনৰ বাবে অনুমতি লাভ কৰিব আৰু তিনি বছৰলৈ এই শিথিলতা প্রযোজ্য হ’ব৷ ক’ভিড মহামাৰীৰ বাবে অসমৰ প্রায় ৩.৫০ লাখ লোক ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা উভতি আহিছে৷ ইয়াৰ মাজৰে বহুতৰ বিভিন্ন উৎপাদনমুখী দক্ষতা আছে৷ এতিয়া তেওঁলোকে যাতে নিজ ভূমিতেই ক্ষুদ্র বা লঘু উদ্যোগ স্থাপন কৰি সংস্থাপনৰ বাট উলিয়াব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে সেই অধ্যাদেশখন যুগুতাইছিল৷ কিন্তু একাংশই উক্ত অধ্যাদেশখনে খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ বিঘ্ণিত কৰিব বুলি কৰা শংকাৰ বাবেই চৰকাৰে বিষয়টোত কঠোৰ ব্যৱস্থা আৰু নির্দেশনা জাৰি কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ আজি বিয়লি জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত এখন সংবাদ মেলত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই কথা প্রকাশ কৰি কয় যে অধ্যাদেশখনৰ খচৰাত উল্লেখ থকা ভূমিৰ ব্যৱস্থা সম্পর্কীয় নির্দেশনাসমূহৰ বাবে একাংশ লোকৰ মাজত ভূমিৰ অধিকাৰৰ বিষয়টোক লৈ কিছু আশংকাৰ সৃষ্টি হৈছিল৷ এই পটভূমিতেই যোৱা ৭ জুলাইত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এখন সভা অনুষ্ঠিত কৰি উক্ত অধ্যাদেশখনৰ ভূমিৰ ব্যৱস্থা সম্পর্কীয় নির্দেশনাসমূহৰ বিষয়ে আলোচনা কৰে৷

বৈঠকখনত তেওঁৰ লগতে মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, অসমৰ মহাধিবক্তা ৰমেশ চন্দ্র বৰপাত্র গোহাঁই, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, উদ্যোগ বিভাগৰ আয়ুক্ত সচিব কে কে দ্বিবেদী, অতিৰিক্ত মহাধিবক্তা দেৱজিৎ শইকীয়া উপস্থিত থাকে৷ বৈঠকখনত বিস্তৃত আলোচনাৰ অন্ততঃ খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ সুৰক্ষিত ৰখাৰ অর্থে কঠোৰ ব্যৱস্থা আৰু নির্দেশনা জাৰি কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সেই সিদ্ধান্ত অনুসৰি অধ্যাদেশৰ খচৰাত এটা নির্দেশনা প্রস্তাৱ কৰা হৈছে৷ প্রস্তাৱিত নির্দেশনা অনুসৰি কোনো উদ্যোগ স্থাপনৰ বাবে ‘আছাম এগ্রিকালচাৰেল লেণ্ড (ৰেগুলেচন অৱ ৰিক্লাচিফিকেচন এণ্ড ট্রেন্সফাৰ ফৰ নন এগ্রিকালচাৰেল পাৰপজ) এক্ট ২০১৫’ আৰু অন্যান্য ভূমি আইনৰ সকলো নির্দেশনা কঠোৰভাৱে মানি চলিব লাগিব৷ লগতে ব্যৱসায়িক উদ্যোগৰ বাবে উপৰিউক্ত আইনখনকে ধৰি কোনো ভূমি সংক্রান্তীয় আইনৰ পৰা কোনোধৰণৰ ৰেহাই দিয়া নহ’ব৷ মন্ত্রী পাটোৱাৰীয়ে কয় যে পূর্বে অধ্যাদেশখনত প্রয়োজনীয় স্বীকৃতিপত্র লাভ কৰাৰ পাছত কোনো উদ্যোগ স্থাপন কৰিবলৈ লোৱা কৃষিভূমি অনা–কৃষিকার্যৰ বাবে ৰূপান্তৰিত হোৱা বুলি বিবেচিত হোৱাৰ বিষয়ে উল্লেখ আছিল৷ কিন্তু এতিয়া প্রস্তাৱ কৰা হৈছে যে ভূমি সম্পর্কে এনে কোনো ৰেহাই দিয়া নহ’ব৷ যিকোনো উদ্যোগ আৰম্ভ কৰাৰ পূর্বে ভূমি সম্পর্কীয় সকলো অনুমতি পত্র, ক্লীয়াৰেন্স আৰু অনুমোদন বাধ্যতামূলকভাৱে ল’ব লাগিব৷ সেইদৰে যিকোনো উদ্যোগ স্থাপনৰ কাৰণে ‘আছাম এগ্রিকালচাৰেল লেণ্ড (ৰেগুলেচন অৱ ৰিক্লাচিফেকেচন এণ্ড ট্রেন্সফাৰ ফৰ নন এগ্রিকালচাৰেল পাৰপজ) এক্ট, ২০১৫ৰ সকলো নির্দেশনা মানি চলাৰ লগতে নিষেধাজ্ঞা আৰোপিত ভূমি যেনে– পাব্লিক গ্রেজিং ৰিজার্ভ, গ্রাম্য গ্রেজিং ৰিজার্ভ, বিল, ঐতিহ্যময়, ঐতিহ্যসিক প্রত্নতাত্ত্বিক স্থান, সত্র, মন্দিৰ, নামঘৰ, ৱাকফ আদিৰ অধীনস্থ ভূমি, জনজাতীয় বেল্ট–ব্লকৰ অধীনস্থ ভূমি, মাষ্টাৰ প্লেনৰ অন্তর্ভুক্ত ভূমি ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নহ’ব৷ সংবাদ মেলখনত মন্ত্রী পাটোৱাৰীয়ে আৰু কয় যে ভূমিপুত্রসকলৰ স্বার্থৰ ক্ষতি কৰিব পৰা কোনো কাম এইখন চৰকাৰে কেতিয়াও নকৰে৷

থলুৱাৰ স্বার্থৰ অনুকূলে এখন ভূমি নীতি প্রস্তাৱ কৰি ইতিমধ্যে ৪৫,২৬১টা ভূমিহীন থলুৱা পৰিয়ালক মাটিৰ পট্টা আৰু অনুমোদন পত্র প্রদান কৰা হৈছে৷ অহা ডিচেম্বৰ মাহৰ ভিতৰত পুনৰ এক লাখ লোকক মাটিৰ পট্টা দিয়াৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে৷ অসমীয়া সংস্কৃতিৰ প্রতীকস্বৰূপ সত্র, নামঘৰকে ধৰি ধর্মীয় অনুষ্ঠানসমূহৰ পৰা বেদখলকাৰী উচ্ছেদ কৰিবলৈ বর্তমান চৰকাৰে অসম ভূমি আৰু ৰাজহ নীতি সংশোধন কৰি প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিছে৷ চৰকাৰী ভূমিকে ধৰি ভি জি আৰ– পি জি আৰৰ প্রায় ৩০,০০০ বিঘা অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰো ৫০২ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হৈছে৷ সেইদৰে চিৰ চেনেহী অসমীয়া ভাষা চিৰকালৰ বাবে যাতে সগৌৰৱে জীয়াই থাকে তাৰ বাবে বৰাক উপত্যকা, বি টি এ ডি আৰু পার্বত্য জিলাকেইখনক বাদ দি ৰাজ্যৰ সকলো ইংৰাজী মাধ্যম আৰু আন মাধ্যমৰ শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ পাঠদান বাধ্যতামূলক কৰা হৈছে৷ একেদৰে অসমৰ খিলঞ্জীয়া ভাষা–সাহিত্যৰ বিকাশৰ বাবে অসম সাহিত্য সভা, বড়ো সাহিত্য সভা আৰু ২০খনকৈ জনগোষ্ঠীয় সাহিত্য সভাৰ ‘কৰপাছ ফাণ্ড’লৈ ক্রমে ১০ কোটি, ৫ কোটি আৰু ৩ কোটি টকাৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে৷ আনহাতে, বিদেশীৰ প্রব্রজন ৰোধ কৰি অসমৰ মাটি–ভেটি সুৰক্ষিত ৰাখিবলৈ গ্রহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মন্ত্রী পাটোৱাৰীয়ে কয় যে ২০১৪ চনত কেন্দ্রত বিজেপিয়ে চৰকাৰ গঠনৰ পাছত বাংলাদেশ চৰকাৰৰ সৈতে ভূমি হস্তান্তৰ চুক্তি চূড়ান্ত কৰা হয়৷ ইয়াৰ ফলত বিবদমান হৈ থকা লাতিটিলাৰ স্মার্ট ফেন্সিঙৰ কাম এতিয়া সম্পূর্ণ হোৱাৰ পথত৷ সেইদৰে টুকুৰগ্রাম, জৱাইপুৰ, লক্ষীবজাৰ অঞ্চলত কম্পজিট ফেন্সিং নির্মাণৰ কামো শীঘ্রে সম্পূর্ণ হ’ব৷

২০১৬ চনৰ পৰা যোৱা ফেব্রুৱাৰী মাহলৈ অসম চৰকাৰে কাঁইটীয়া তাঁৰৰ বেৰ দিবলৈ বাকী থকা ১৩.৩৮ কিঃ মিঃ দৈর্ঘ্যৰ বেৰ দিয়া সম্পূর্ণ কৰিছে৷ বাকী থকা কৰিমগঞ্জ চহৰৰ ৪.৩৫ কিঃমিঃ অংশত কাৰিকৰী প্রযুক্তি অৱলম্বন কৰি সীমান্ত ছীল কৰাৰ ব্যৱস্থা কৰা হৈছে৷ নদী সীমান্ত ছীল কৰাৰ বাবে স্মার্ট টেকন’লজী ৰূপায়ণ কৰা হৈছে৷ ডি আই জি (সীমান্ত)ৰ অধীনত এটা নদী আৰক্ষী সংগঠন গঠন কৰা হৈছে৷ সেইদৰে বি এছ এফক সহায় কৰিবলৈ ১৪টা সীমান্ত চকীত অসম আৰক্ষীৰ জোৱানক দ্বিতীয় শাৰীৰ সুৰক্ষা ব্যৱস্থা হিচাপে নিয়োজিত কৰি ৰখা হৈছে৷

You might also like