নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাৰ বিশ্ব ভাৰতীত অসমীয়া ছাত্র–ছাত্রীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন–২০১৯ ৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন স্থানৰ লগতে কলকাতাৰ অন্যতম বিশ্ববিদ্যালয় বিশ্ব ভাৰতীতো অসমীয়া ছাত্র–ছাত্রীসকলে প্রতিবাদ সাব্যস্ত কৰিছে ৷ অসমীয়া মানুহৰ স্বার্থৰ বিৰুদ্ধে যোৱা এই আইন মানি নলওঁ বুলি অসমীয়া ছাত্র সমাজে প্রতিবাদ কৰে ৷ শিক্ষার্থীসকলে অভিযোগ আনি কয় যে এই আইনৰ জৰিয়তে নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশক ধর্মৰ নামত বিভাজনেৰে ঐক্য–সম্প্রীতি ধ্বংস কৰিব বিচাৰিছে ৷

বিশ্ব ভাৰতীত অধ্যয়নৰত অসমীয়া ছাত্র–ছাত্রীসকলে ‘অ’ মোৰ আপোনাৰ দেশ…’ গীত পৰিৱেশনেৰে ‘আমি নাগৰিকত্ব সংশোধনী আইন নামানো’, ‘আহ ঐ আহ ওলাই আহ’ আদি বিভিন্ন শ্লোগান দি প্রতিবাদ সাব্যস্ত কৰে ৷ প্রতিবাদকাৰীসকলে অসম বিদেশীৰ ডাষ্টবিন নহয় বুলি মন্তব্য কৰি নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদৰ সময়ত আৰক্ষীয়ে প্রদর্শন কৰা বর্বৰতাকো ধিক্কাৰ দিয়ে ৷ ইফালে, পৃথিৱীৰ বিভিন্ন দেশত বাস কৰা অসমীয়া লোকসকলো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদমুখৰ হৈ পৰিছে ৷

ইংলেণ্ডত থকা প্রবাসী অসমীয়া লোকসকলে বিভিন্ন সংস্থা–সংগঠনৰ উদ্যোগত কেন্দ্রীয় চৰকাৰৰ অসমবিৰোধী ভূমিকাৰ তীব্র বিৰোধিতা কৰি প্রতিবাদ সাব্যস্ত কৰিছে ৷ কুৱেইট আৰু আমেৰিকাৰ বষ্টনকে ধৰি বিভিন্ন অঞ্চলত প্রবাসী অসমীয়াসকলে একগোট হৈ ভাৰত চৰকাৰে অসমৰ ওপৰত জাপি দিয়া নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ দাবী জনাই প্রতিবাদ সাব্যস্ত কৰিছে ৷

You might also like