নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত শ্বুটিঙত ব্যস্ত কেভিন পিটাৰছেন

ৰাষ্ট্রীয় উদ্যানত দহদিনীয়া কার্যসূচীৰে গঁড় সংৰক্ষণৰ তথ্যচিত্র

নিয়মীয়া বার্তা, ৬ মার্চঃ বিশ্বৰ সর্বাধিক এশিঙীয়া গঁড়ৰ বসতিস্থল কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শন কৰাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত গঁড সংৰক্ষণৰ সজাগতা তথ্যচিত্রৰ দৃশ্যগ্রহণৰ বাবে ইংলেণ্ডৰ বিখ্যাত প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেন কাজিৰঙাত উপস্থিত হৈছে ৷ মাত্র বাৰটা এটা খড়গ থকা গঁড়ৰ পৰা বিগত এশতকৈও অধিক বছৰ ৰাষ্ট্রীয় উদ্যানখনৰ কর্তৃপক্ষই কাষৰীয়া ৰাইজৰ সহযোগত সফলতাৰে সংৰক্ষণ কৰাৰ ফলত বর্তমান এই দুষ্প্রাপ্য বন্যজন্তুৰ সংখ্যা ২৫শ টাতকৈও অধিক হৈছেগৈ ৷ স্বাভাৱিকতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ প্রতি এতিয়া দেশ– বিদেশৰ পর্যটকৰ উপৰি চিত্রতাৰকা, ৰাজনীতিবিদ, শিল্পী, আন্তঃৰাষ্ট্রীয় খেলুৱৈৰ আকর্ষণ বৃদ্ধি পাব ধৰিছে৷ ইংলেণ্ডৰ বিখ্যাত প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেন ৰাজ্যখনৰ লগতে প্রধানকৈ বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ এটা খডগ থকা গঁড সংৰক্ষণৰ সজাগতাৰ বাবে ২ মার্চত গুৱাহাটীত উপস্থিত হৈছিল ৷ ২ আৰু ৩ মার্চত গুৱাহাটীত বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিও কাজিৰঙাত উপস্থিত হয় ৷ উল্লেখ্য যে পিটাৰছেনে ইয়াৰ পূর্বে আফ্রিকাৰ দুটা খড়গ থকা গঁড় সংৰক্ষণৰ সজাগতাৰ বাবে সমগ্র বিশ্বত কাম কৰি আছিল ৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়া মতে, ইংলেণ্ডৰ প্রাক্তন অধিনায়কজন দহদিনীয়া বিভিন্ন কার্যসূচী লৈ কাজিৰঙাত উপস্থিত হৈছে৷ প্রথমদিনা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ গাতে লাগি থকা নতুনডাংগা গাঁৱত নতুনডাংগা পাৰিপার্শ্বিক উন্নয়ন সমিতিয়ে পৰিচালনা কৰি থকা কার্বি খাদ্যৰ আখলত সম্পূর্ণ জনজাতীয় খাদ্য খোৱাৰ লগতে গাঁওবাসীৰ সৈতে মত বিনিময় কৰে ৷ স্থানীয় ৰাইজে ৰাষ্ট্রীয় উদ্যানখন অর্থাৎ গঁড় সংৰক্ষণৰ ক্ষেত্রত কেনেদৰে বন বিভাগক সহযোগ আগবঢ়ায় ৰাষ্ট্রীয় উদ্যানখনৰ পৰা ৰাইজৰ লাভালাভ আদি কথাৰ বুজ লয় ৷

You might also like