নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’বিৰোধী আন্দোলনক প্রত্যাহ্বান : গণ সমাৱেশৰ প্রস্তুতি মন্ত্রী ফণীভূষণ চৌধুৰীৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ বঙাইগাঁৱত নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বার্থত মন্ত্রী ফণীভূষণ চৌধুৰীয়ে চেষ্টা অব্যাহত ৰাখিছে ৷ সংসদত ‘কা’ গৃহীত হোৱাৰ পিছতহে বঙাইগাঁৱৰ ৰাজপথত ‘কা’ৰ বিৰোধ কৰি সমদল উলিওৱাৰ পিছত এইবাৰ ‘কা’ৰ সজাগতাৰ নামত বৰপাৰা ৰাজহুৱা খেলপথাৰত এখন সজাগতা সভাৰ প্রস্তুতি চলাইছে ৷ ৫ জানুৱাৰী কাইলৈ বঙাইগাঁও জিলা অগপই এই সভাৰ আয়োজন কৰিছে ৷ মন্ত্রী চৌধুৰীয়ে শক্তি প্রদর্শনৰ বাবে সভাত ১০ হাজাৰ লোকৰ সমাগম ঘটোৱাৰ পৰিকল্পনা গ্রহণ কৰিছে ৷ ‘কা’ গৃহীত হোৱাৰ কিছুদিন পূর্বৰে পৰা দল–সংগঠনৰ ৰোষত পৰাৰ ভয়ত একপ্রকাৰ আত্মগোপন কৰিবলগীয়া হৈছিল ৷ সচৰাচৰ দেহৰক্ষী নোলোৱাকৈ দুচকীয়া বাহনত উঠি মুকলিকৈ ঘূৰি ফুৰা মন্ত্রী ফণীভূষণ চৌধুৰীয়ে ‘কা’বিৰোধী দল–সংগঠন তথা ৰাইজৰ ক্ষোভৰ বলি হোৱাৰ ভয়ত বর্তমানলৈ বঙাইগাঁৱৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে ৷ এনে পৰিস্থিতিত ‘কা’বিৰোধী আন্দোলনকাৰীক প্রত্যাহ্বান জনাই বঙাইগাঁৱত মন্ত্রীয়ে শক্তি প্রদর্শনৰ নির্দেশ দিছে ৷ পৰহি মন্ত্রী ফণীভূষণ চৌধুৰীয়ে হোটেল কনিষ্কত সভাখন সফল কৰাৰ বাবে জিলা নেতৃবর্গৰে সভাত মিলিত হয় ৷ দলৰ দুখনকৈ নগৰ সমিতিৰ লগতে আঞ্চলিক সমিতিসমূহৰ নেতৃবর্গক সভাখন সফল কৰি তোলাৰ বাবে নির্দেশ প্রদান কৰিছে মন্ত্রীয়ে ৷

You might also like