নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষকৰ বাবে সুখবৰঃ বিমানেৰে সৰবৰাহ কৰিব পাৰিব কৃষকৰ উৎপাদিত সামগ্রী

নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ অসমৰ কৃষকৰ বাবে সুখবৰ৷ কৃষকসকলে উৎপাদন কৰা বিভিন্ন সা–সামগ্রী বিভিন্ন ঠাইলৈ অতি সহজে ৰপ্তানি কৰিব পাৰিব৷ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ সমীপত নির্মাণ কৰি থকা কার্গো প্রায় সম্পূর্ণ হোৱাৰ পথত৷ সকলো ঠিকেঠাকে থাকিলে অহা মার্চ মাহৰ ভিতৰত এই কার্গটো মুকলি কৰা হ’ব৷

উল্লেখ্য যে অসমকে ধৰি উত্তৰ–পূবৰ ৰাজ্যকেইখনত উৎপাদিত উদ্যান শস্য আৰু ফলমূল জাতীয় সা–সামগ্রী দেশ–বিদেশলৈ ৰপ্তানি কৰাৰ বাবে ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণে (এ এ আই) অসম ঔদ্যোগিক উন্নয়ন নিগম (এ আই ডি চি)ৰ সহযোগত কার্গোটো নির্মাণ কৰিছে৷ প্রায় ২০ কোটি টকা ব্যয়ৰে প্রায় ৪,০৫০ বর্গমিটাৰ মাটিকালিৰে আবৃত্ত কার্গো প্রকল্পটোৰ আধাৰশিলা ২০১৯ বর্ষৰ জানুৱাৰীত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে স্থাপন কৰিছিল৷

দহ হাজাৰ মেট্রিক টন সামগ্রী সৰবৰাহৰ ক্ষমতা থকা কার্গো চৌহদটো যোৱা ২৪ জানুৱাৰীত পৰিদর্শন কৰে ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ কেন্দ্রীয় কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে৷ কার্যবাহী সঞ্চালক জিন্দালৰ সৈতে বৰঝাৰ বিমানবন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ, এ এ আই চি এল এছৰ উপ–মহাপ্রবন্ধক এন বার্মা আৰু এ আই ডি চিৰ কেইবাগৰাকী শীর্ষ বিষয়াই কার্গো চৌহদটো পৰিদর্শন কৰি কাম–কাজৰ বুজ লয়৷ কার্গোৰে কৃষিজাত সামগ্রী সৰবৰাহ হোৱাৰ পিছত ৰাজ্যৰ কৃষকসকল উপকৃত হোৱাৰ লগতে কৃষিক্ষেত্রত ইতিবাচক প্রভাৱ পৰিব বুলি কার্যবাহী সঞ্চালক জিন্দালে আশা ব্যক্ত কৰে৷

You might also like