নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ঃ ড০ কন্দর্প দাসক উপাচার্য নিযুক্তি

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদেশী ভাষা বিজ্ঞান বিভাগৰ অধ্যাপক ড০ কন্দর্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে নিযুক্তি দিয়া হৈছে ৷ শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ আচার্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ নির্দেশ মর্মে পৰৱর্তী ৫ বছৰৰ বাবে ড০ দাসক উপাচার্য পদত নিযুক্তি প্রদান কৰা হয় ৷ অহা ১১ মার্চত তেওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্যৰ দায়িত্ব গ্রহণ কৰিব ৷ উল্লেখ্য, ৰাছিয়ান সাহিত্য সন্দর্ভত ড০ কন্দর্প দাসে ১৯৯৪ চনত মস্কো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্রী লাভ কৰিছিল ৷ তাৰ পূর্বে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ৰাছিয়ান ভাষা আৰু সাহিত্য বিষয়ত স্নাতকোত্তৰ আৰু স্নাতক ডিগ্রী লাভ কৰে ৷ ড০ কন্দর্প দাসে বিজ্ঞান বিষয়ত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰিছিল কটন বিশ্ববিদ্যালয়ৰ পৰা ৷ শৈক্ষিক ক্ষেত্রখনত ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় পর্যায়ত বিশেষ খ্যাতি লাভ কৰা ড০ কন্দর্প দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে নিযুক্তি দিয়া হয় ৷ ড০ দাসক কটন বিশ্ববিদ্যালয়ৰ এলুমনাই এছ’চিয়েচনৰ সভাপতি সত্যেন্দ্র কুমাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক জগদীশ দত্তই অভিনন্দন জ্ঞাপন কৰিছে ৷

You might also like