নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ প্ৰথমখন কৰ্কট হাস্পতাল হ’ব ডিফু অসামৰিক চিকিৎসালয়

ডিফু মেডিকেলৰ ২০৫ নাৰ্ছ, ৮৭ তৃতীয়বৰ্গৰ কৰ্মচাৰীক নিযুক্তিপত্ৰ বিতৰণ স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ অসমৰ সপ্তমখন চিকিৎসা মহাবিদ্যালয় ৰূপে ৰাজ্যৰ স্বাস্থ্যখণ্ডত অহা বৰ্ষত সংযোজন ঘটিব ডিফু চিকিৎসা মহাবিদ্যালয়ৰ । কাৰ্বি আংলং জিলাৰ ডিফুত ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়খনৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে । অহা ২৫ নৱেম্বৰত চিকিৎসা মহাবিদ্যালয়খনৰ বহিঃবিভাগ মুকলি কৰা হ’ব । এই লক্ষ্য আগত ৰাখিয়ে শুকুৰবাৰে অসম পাৰ্বত্য চিকিৎসা চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানখনৰ ২০৫ গৰাকী নাৰ্ছ আৰু ৮৭ জন তৃতীয় বৰ্গৰ (কাৰিকৰী) কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । দিছপুৰৰ গড়কাপ্তানী বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰ ভৱনৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই নিযুক্তি পত্ৰ প্ৰদান কৰি কয় যে, অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যলয় আৰু গৱেষণা প্ৰতিষ্ঠানক ডিফু চিকিৎসা মহাবিদ্যালয় বুলিয়ে পাছত জনা যায় । এই চিকিৎসা মহাবিদ্যালয়খন সম্পূৰ্ণ হৈ উঠিলে পাহাৰীয়া অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় – ২০১১ চনত কাম আৰম্ভ হোৱা চিকিৎসা মহাবিদ্যালয়খনৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু অহা বৰ্ষত বাকী কাম সম্পূৰ্ণ কৰি তোলা হ’ব । ইতিমধ্যে চিকিৎসা মহাবিদ্যালয়খন ৫৮ গৰাকী অধ্যাপক-অধ্যাপিকাৰ লগতে ৪৪ গৰাকী কনিষ্ঠ আৰু জ্যেষ্ঠ আৱাসীক নিযুক্তি দিয়া হৈছে । অহা বৰ্ষত মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আৰম্ভ কৰা হ’ব । মন্ত্ৰী শৰ্মাই ইয়াকো কয় – চিকিৎসা মহাবিদ্যালয়খন আৰম্ভ হ’লে ডিফু অসামৰিক চিকিৎসালয়খন ইয়াৰ লগত চামিল কৰা হ’ব । আনহাতে , ডিফু অসামৰিক চিকিৎসালয় ভৱনটোত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ প্ৰথমখন কেঞ্চাৰ চিকিৎসালয় স্থাপন কৰা হ’ব । ২০২০ চনৰ জুলাই মাহত ৰাজ্যৰ প্ৰথমখন কেঞ্চাৰ হাস্পতাল ৰূপে এই চিকিৎসালয়খনে স্বীকৃতি পাব ।

নিযুক্তি পত্ৰ বিতৰণ মন্ত্ৰী ড০ শৰ্মাৰ
You might also like